হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড; ৫০ গৰাকী ৰোগীক উদ্ধাৰ, বহু ৰোগী আৱদ্ধ
বৃহস্পতিবাৰে বিশাখাপট্টনমৰ ইণ্ডুছ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডৰ ফলত হাস্পতালৰ ভিতৰত ৰোগীৰ লগতে আন বহু লোক আৱদ্ধ হৈ থকা বুলিও প্ৰাৰম্ভিক খবৰ আহিছে।
ঘটনা সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিখন বাহন ঘটনাস্থলত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাই আছে। ইয়াৰ উপৰি ক্ষীপ্ৰতাৰে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে আৰক্ষী আৰু আন উদ্ধাৰকাৰী দলে।
জানিব পৰা মতে, এই পৰ্যন্ত উদ্ধাৰকাৰী দলে হাস্পতালৰ পৰা ৫০ গৰাকী ৰোগীক উদ্ধাৰ কৰি অন্য হাস্পতাললৈ প্ৰেৰণ কৰিছে।
বন্দৰ চহৰখনৰ জগদম্বা চক্ৰত অৱস্থিত চিকিৎসালয়খনৰ প্ৰথম মহলাৰ পৰাই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি অনুমান কৰা হৈছে। ঘটনাস্থলত শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া উপস্থিত হৈ উদ্ধাৰকাৰ্যৰ বুজ লোৱাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।