ISHAN NEWS – Always One Step Ahead of Time…

পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী বিধান পৰিষদৰ সদস্যই 

0 39

শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশৰ পূব গোদাবৰী জিলাত সংঘটিত পথ দুৰ্ঘটনাত বিধান পৰিষদৰ সদস্য (এম এল চি) শ্বেইখ সবজীৰ মৃত্যু ঘটিছে। ইফালে দুৰ্ঘটনাটোত বাহনখনৰ চালক, তেওঁৰ ব্যক্তিগত সহায়ক আৰু নিৰাপত্তাত নিয়োজিত দেহৰক্ষীগৰাকী আহত হয়।

ইউনাইটেড টিচাৰ্ছ ফেডাৰেচনৰ সভাপতি হিচাপে থকা সবজীয়ে ২০২১ চনৰ মাৰ্চ মাহত পূব গোদাবৰী – কাকিনাড়া – ক’নাছিমা – পশ্চিম গোদাবৰী – এলুৰু শিক্ষক সমষ্টিৰ পৰা ৰাজ্যিক বিধান পৰিষদলৈ নিৰ্বাচিত হৈছিল।

লাভ কৰা তথ্য অনুসৰি, আজি ৰাতিপুৱাৰ ভাগত এলুৰু নগৰত অংগনবাড়ী কৰ্মীসকলে আয়োজন কৰা এক প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছিল সবজীয়ে। এই কাৰ্যসূচীৰ পৰা উভতি অহাৰ পথত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী বাহনৰ সৈতে তেওঁৰ বাহনখনৰ প্ৰচণ্ড সংঘৰ্ষ হয়।

পূব গোদাবৰী জিলাৰ উন্দী মণ্ডলৰ সমীপৰ এখন গাঁৱত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত এম এল চি সবজীক সমীপৰ এখন হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.