ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ভজনলাল শৰ্মাৰ
আজি ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ভজনলাল শৰ্মাই । জয়পুৰৰ এলবাৰ্ট হলত আয়োজন কৰা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে, পি নড্ডাৰ লগতে বিজেপিৰ বহু সংখ্যক নেতা। মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ লগতে আজি দিয়া কুমাৰী আৰু প্ৰেমচান্দ বৈৰৱাইও ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
উল্লেখ্য যে যোৱা মঙলবাৰে অনুষ্ঠিত হোৱা বিধায়িনী দলৰ বৈঠকত ভজনলাল শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়।ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াই ভজনলাল শৰ্মাৰ নাম প্ৰস্তাৱ কৰিছিল।
মধ্যপ্ৰদেশৰ দৰে ৰাজস্থানতো বিজেপিয়ে এইবাৰ দুজন উপ মুখ্যমন্ত্ৰী থাকিব বুলি ঘোষণা ঘোষণা কৰিছিল। দিয়া কুমাৰী সিং আৰু প্ৰেমচান্দ বৈৰৱাক নাম উপ মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰাৰ লগতে বাসুদেৱ দেৱনানীয়ে লাভ কৰে বিধানসভাৰ অধ্যক্ষ পদ ।
আজি অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানৰ বাবে জয়পুৰত বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়। ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ভজনলাল শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ৰাজস্থানৰ সৰ্বাংগীন উন্নয়ন সুনিশ্চিত হ’ব। কেৱল ভাৰতীয় জনতা পাৰ্টিয়েহে তেওঁৰ দৰে সাধাৰণ কৰ্মীক সুযোগ দিছে ।