ISHAN NEWS – Always One Step Ahead of Time…

নিৰাপত্তাৰক্ষীৰ সৈতে গুলীচালনাত নিহত দুই দুৰ্ধৰ্ষ মাওবাদী নেতা

0 62

মহাৰাষ্ট্ৰৰ গাডচিৰোলিত আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত দুজন মাওবাদীৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে বিয়লি ছত্তীশগড়ৰ সীমান্তৰ সমীপত নক্সালবাদী আৰু চি-৬০ কমাণ্ডোৰ মাজত সংঘৰ্ষ হৈছিল।

জিলা আৰক্ষী অধীক্ষক নীলোৎপলে কয় যে এতিয়ালৈকে দুজন মাওবাদীৰ মৃতদেহ উদ্ধাৰ হৈছে। বৰ্তমানেও অঞ্চলটোত অব্যাহত আছে অভিযান। নিহত নক্সালসকলৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ।

তথ্য অনুসৰি গাডচিৰোলি আৰক্ষীয়ে নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল যে ছত্তীশগড় জিলাৰ মানপুৰৰ বোধিতোলাৰ সমীপত মাওবাদীৰ এটা বৃহৎ দলে আৰক্ষী বাহিনীক এম্বুছ কৰাৰ লগতে সাধাৰণ লোকক হত্যা কৰাৰ উদ্দেশ্যেৰে শিবিৰ পাতি আছে। ইয়াৰ পিছতে চি-৬০ কমাণ্ডোৰ দ্বাৰা অঞ্চলটোত তাৎক্ষণিকভাৱে তালাচী অভিযান চলোৱা হয়।

আৰক্ষী বাহিনীয়ে যেতিয়া অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰিছিল তেতিয়া নক্সালবাদীয়ে তেওঁলোকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰে। ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষী বাহিনীয়েও প্ৰত্যাক্ৰমণ কৰে।

প্ৰায় এঘণ্টা ধৰি গুলীচালনা চলাৰ পিছত অঞ্চলটোত তালাচী চলোৱাত এটা একে-৪৭ আৰু এটা এছএলআৰৰ লগতে দুজন পুৰুষ মাওবাদীৰ মৃতদেহ উদ্ধাৰ হয়।

উদ্ধাৰ হোৱা মৃতদেহ দুটাৰ এজনক ২০১৯ চনৰ জম্ভুলখেড়া বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড কাছানছুৰ ডালামৰ ডেপুটি কমাণ্ডাৰ দুৰ্গেশ ভাট্টি বুলি চিনাক্ত কৰা হৈছে। এই বিস্ফোৰণত শ্বহীদ হৈছিল ১৫ জন আৰক্ষী।

Leave A Reply

Your email address will not be published.