ISHAN NEWS – Always One Step Ahead of Time…

‘মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰাৰ নিয়ম ইছলামত নাই’ আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে মন্তব্য আৰ্ছাদ মাদানীৰ । ishan news…

0 178

‘মন্দিৰ ভাঙি নিৰ্মাণ কৰা হোৱা নাছিল মছজিদ, মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰাৰ নিয়ম ইছলামত নাই’। মথুৰাৰ শ্বাহী ঈদগাহত ছাৰ্ভেক লৈ এইবাৰ মুখ খুলিলে জামিয়াল উলেমা-ই-হিন্দৰ মুৰব্বী মৌলানা আৰ্শাদ মাদানীয়ে। এলাহাবাদ উচ্চ ন্যায়ালয়ে মথুৰাৰ শ্বাহী ঈদগাহৰ জৰীপ কৰিবলৈ অনুমতি দিয়াক লৈ আৰ্শাদ মাদানীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ কয় যে ন্যায়ালয়ৰ এই সিদ্ধান্ত ১৯৯১ চনৰ উপাসনা স্থান আইনৰ বিৰোধী।যেতিয়ালৈকে এই আইন আছে, তেতিয়ালৈকে এনে সিদ্ধান্ত সঠিক নহয়, সেয়েহে এই আইন বাতিল কৰক আৰু তাৰ পিছত আপুনি যি বিচাৰে সেয়া কৰক বুলি ক্ষোভ প্ৰকাশ কৰিলে মাদানীয়ে।

তেওঁ কয় যে ইছলামৰ নিয়মত কোনো এটা ঘৰ ভাঙি তাত এটা মছজিদ বনালে সেইটোক মছজিদ বুলি কব নোৱাৰি। যত মছজিদ থাকে তাত মন্দিৰ থকা বুলি কোৱাটোও যুক্তিসংগত নহয়।মুছলমানসকলে এই মছজিদসমূহৰ ওপৰত অধিকাৰ এৰি দিব নালাগে আৰু শেষলৈকে আইনী যুঁজ দি যাব লাগে বুলিও তেওঁ কয়।

Leave A Reply

Your email address will not be published.