ISHAN NEWS – Always One Step Ahead of Time…

ইজৰাইলত ওলাইছে চাকৰি, দৰমহা প্ৰতিমাহে এক লাখ টকা 

0 121

ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছৰ মাজত প্ৰায় দুমাহ ধৰি চলা যুদ্ধই জোকাৰি গৈছে পশ্চিম এছিয়াক। এই যুদ্ধই ইজৰাইলত  নতুন সংকটৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ কৰ্মচাৰীৰ অভাৱত জুৰুলা হৈছে যুদ্ধৰ ক’লা ধোঁৱাই ধুৱলি কুঁৱলী কৰি ৰখা দেশখনক । ইজৰাইলত এতিয়া চাকৰি আছে, দৰমহা আছে, কিন্তু কাম কৰিবলৈ অভাৱ হৈছে কৰ্মচাৰীৰ। এই ক্ষেত্ৰত ভাৰতৰ হাৰিয়ানাই ইজৰাইলক সহায়ৰ হাত আগবঢ়াব বিচাৰিছে ।

হাৰিয়ানাৰ ৰাজ্যিক ৰাজহুৱা খণ্ডৰ সংস্থা হাৰিয়ানা কৌশল ৰোজগাৰ নিগমে শেহতীয়াকৈ এক অধিসূচনা জাৰি কৰি কয় যে, আমি ১০ হাজাৰ কৰ্মচাৰী তথা  শ্ৰমিকক ইজৰাইলত কাম কৰিবলৈ পঠিয়াম।

নিবনুৱা সমস্যাত ককবকাই থকা ​​হাৰিয়ানাই সেয়েহে পৰিস্থিতিয়ে কঢ়িয়াই অনা সুযুগ গ্ৰহণ কৰিব বিচাৰিছে ।চাকৰিৰ অভাৱৰ বাবে সমালোচনাৰ সন্মুখীন হোৱা হাৰিয়ানা চৰকাৰে ১০ হাজাৰ শ্ৰমিক ইজৰাইললৈ পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

হাৰিয়ানা চৰকাৰৰ অধিসূচনা অনুসৰি যি সকলে ইজৰাইলৰ  চাকৰিৰ বাবে আবেদন কৰিব তেওঁলোকৰ নূন্যতম শিক্ষাগত অৰ্হতা দশম শ্ৰেণীৰ উত্তীৰ্ণ হব লাগিব। দৰমহা প্ৰতিমাহে ৬,১০০ ইজৰাইলী চেকেল অৰ্থাত এজন ভাৰতীয় টকাৰ হিচাপত এক লাখতকৈ অধিক ।

২৫ৰ পৰা ৫৪ বছৰৰ ভিতৰৰ যিকোনো ব্যক্তিয়ে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। নিৰ্মাণৰ কামত কমেও তিনি বছৰৰ অভিজ্ঞতা থাকিব লাগিব।আবেদনকাৰী সকল উদ্যোগিক নিৰ্মাণ, কাঠৰ কাম, টাইলিং, লোহাৰ কাম, বহুমহলীয়া নিৰ্মাণৰ জ্ঞান থাকিব লাগিব।

ভাৰতত নিবনুৱাৰ হাৰ অধিক। ভাৰতৰ পৰা সস্তীয়া দক্ষ শ্ৰমিক পোৱাটো সহজ। সেয়েহে ইজৰাইল চৰকাৰে ভাৰতৰ সৈতে এই বিষয়ে আলোচনা কৰে। ভাৰতৰ পৰা কমেও এক লাখ শ্ৰমিক নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে।

Leave A Reply

Your email address will not be published.