দেশৰ সৰ্ববৃহৎ মছজিদ নিৰ্মাণ হ’ব অযোধ্যাত। তাজমহলতকৈ ধুনীয়া হ’ব মছজিদটো। ishan news…
শ্ৰীৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাতে নিৰ্মাণ হ’ব দেশৰ ভিতৰত সৰ্ববৃহত্ মছজিদটো। ইণ্ডো ইছলামিক কালচাৰেল ফাউণ্ডেচনৰ উদ্যোগত নিৰ্মাণ হ’বলগীয়া এই মছজিদটোৰ আধাৰশিলা স্থাপন কৰিব মক্কাৰ ইমামে। বিশ্বৰ সপ্তম আশ্বৰ্যৰ ভিতৰত অন্যতম তাজমহলতকৈ ধুনীয়া হ’ব মছজিদটো। ৰাম মন্দিৰৰ পৰা ২৫ কিলোমিটাৰ দূৰৈত চলিছে মছজিদৰ নিৰ্মাণৰ প্ৰস্তুতি। অযোধ্যাৰ ধন্নিপুৰত বাবৰি মছজিদৰ সলনি দিয়া ৫ একৰ ভূমিতে নিৰ্মাণ কৰা হ’ব মহম্মদ বিন আব্দুল্লাহ নামৰ মছজিদটো। চলিত বৰ্ষৰ অক্টোবৰত মুম্বাইত মৌলবী আৰু ফাউণ্ডেচনৰ সভাপতি জুফাৰ আহমেদ ফাৰুকীৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মছজিদটোৰ নাম ‘মহম্মদ বিন আব্দুল্লাহ’ ৰখা হৈছিল।
এই মছজিদটোতে থাকিব বিশ্বৰ সৰ্ববৃহত্ কোৰাণখনো। এই কোৰাণৰ উচ্চতা হ’ব ২১ ফুট আৰু প্ৰস্থ হ’ব ৩৬ ফুট। মছজিদটোত থাকিব ৫টা মিনাৰ যিয়ে ইছলাম ধৰ্মৰ কলিঙ্গ, নামাজ, ৰোজা, হজৰ পাঁচটা স্তম্ভৰ প্ৰতীকক সূচাব। চৌহদত থাকিব কেন্সাৰ চিকিৎসালয়, বিদ্যালয়, মহাবিদ্যালয়, এটা সংগ্ৰহালয়, এটা পুথিভঁৰাল আৰু এটা সম্পূৰ্ণ নিৰামিষ ভোজনালয়। মছজিদটোত ২০০০ নামাজীৰ বাবে থাকিব সভাঘৰ। মৌলৱী আহমেদ উল্লাহ শ্বাহৰ নামত এটা গৱেষণা কেন্দ্ৰও থাকিব। মছজিদৰ চৌদিশে ৰোপণ কৰা হ’ব বৃক্ষ।
উল্লেখ্য উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ২০১৯ চনৰ ৯ নৱেম্বৰত ৰাম জনমভূমি-বাবৰি মছজিদ বিতৰ্কৰ ১০০ বছৰীয়া আইনী যুঁজৰ অন্ত পেলাই ৰাম মন্দিৰৰ পক্ষে ৰায় দিছিল। লগতে ৰাম মন্দিৰৰ পৰা ২৫ কিলোমিটাৰ দূৰৈত বাবৰি মছজিদ কমিটীৰ ভূমি আৱণ্টনৰ বাবে উত্তৰ প্ৰদেশক চৰকাৰক নিৰ্দেশ দিছিল।