ISHAN NEWS – Always One Step Ahead of Time…

২০২৩ বৰ্ষৰ আটাইতকৈ ভোকাতুৰ লোকজন! অৰ্ডাৰ কৰি খালে ৪২.৩ লাখ টকাৰ খাদ্য

0 136

২০২৩ বৰ্ষত ভাৰতীয়সকলে সর্বাধিক কি খাদ্য ভক্ষণ কৰিলে জানেনে? অনলাইনযোগে খাদ্য যোগান ধৰা সংস্থা ছুইগীৰ তথ্য অনুসৰি ২০২৩ বৰ্ষত অনলাইনযোগে সৰ্বাধিক অৰ্ডাৰ হৈছিল চিকেন বিৰয়ানী।

ছুইগীয়ে অলপতে প্রকাশ কৰা এখন তালিকাৰ শীৰ্ষত আছে চিকেন বিৰয়ানী। উল্লেখ্য যে, একেৰাহে অষ্টম বছৰৰ বাবে চিকেন বিৰয়ানীয়ে এই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।

ছুইগীয়ে এই তালিকাৰ লগতে প্ৰকাশ কৰিছে কেইটামান আমোদজনক তথ্য তথা ঘটনা।

ছুইগীয়ে প্ৰকাশ কৰা তালিকাত পোহৰলৈ আহিছে এক আশ্বৰ্যকৰ তথ্য। মুম্বাইৰ এজন লোকে চলিত বছৰত এই পৰ্যন্ত ৪২.৩ লাখ টকাৰ খাদ্য অৰ্ডাৰ কৰিছে। হয়, আপুনি ঠিকেই পঢ়িছে।

ছুইগীয়ে ৰসিকতাৰে লিখিছে, ‘মুম্বাইৰ এগৰাকী গ্ৰাহক, যিজনে ৪২.৩ লাখ টকাৰ খাদ্য অৰ্ডাৰ কৰিছে’।

কেৱল এয়াই নহয়, হায়দৰাবাদৰ এজন গ্ৰাহকে ৬ লাখ টকাৰ ইডলী অৰ্ডাৰ কৰিছে।

আনহাতে ভুৱনেশ্বৰৰ এজন ব্যক্তিয়ে এদিনতে সৰ্বাধিক পিজ্জাৰ অৰ্ডাৰ দিছিল। আপুনি অনুমান কৰিব পাৰিবনে গ্ৰাহকজনে কিমান পিজ্জা অৰ্ডাৰ দিছিল? ২০৭!

ইফালে ২০২৩ চনৰ দুৰ্গা পূজাৰ সময়ত ভাৰতবৰ্ষত ৭৭ লাখতকৈ অধিক গুলাব যামুনৰ অৰ্ডাৰ দিছিল। নৱৰাত্ৰিৰ ন দিনৰ আটাইকেইটাতে নিৰামিষ অৰ্ডাৰৰ ভিতৰত মছলা ডোছা আছিল শীৰ্ষত।

চকলেট কেকৰ আশ্বৰ্যকৰ ৮৫ লাখ অৰ্ডাৰেৰে বেংগালুৰুক ‘কেক কেপিটেল’ হিচাপে ঘোষণা কৰা হয়। কেৱল ভেলেণ্টাইন ডে’ৰ দিনাই সমগ্ৰ দেশত প্ৰতি মিনিটত ২৭১টা কেক অৰ্ডাৰ কৰা হৈছিল।

উল্লেখ্য যে, অক্টোবৰ মাহত অনুষ্ঠিত হৈ বিশ্বকাপৰ বাৰত-পাকিস্তানৰ মেচখনৰ সময়ত চণ্ডীগড়ৰ এটা পৰিয়ালে একেবাৰতে ৭০ প্লেট বিৰয়ানী অৰ্ডাৰ কৰি অভিলেখ গঢ়ে।

Leave A Reply

Your email address will not be published.