ক’ভিডৰ বাবে কেৰালাত দুজন লোকৰ মৃত্যু হোৱাৰ খবৰে দেশত পুনৰবাৰ কৰ’ণাৰ সন্ত্ৰাস সৃষ্টি কৰিছে। বিগত কিছু দিনত কেৰালাত ক’ভিডৰ বাবে দুজন লোকৰ মৃত্যু হোৱাৰ পিছতে স্বাস্থ্য বিভাগে সমগ্ৰ ৰাজ্যতে সতৰ্কবাণী জাৰি কৰিছে।
কেৱল এয়াই নহয় কৰ্ণাটক, তামিলনাডুৰ দৰে চুবুৰীয়া ৰাজ্যতো স্বাস্থ্য বিভাগে চিকিৎসালয়সমূহক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।
দ্য হিন্দুৰ প্ৰতিবেদন অনুসৰি মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে কোঝিকোড় জিলাৰ ভাট্টোলিৰ ৭৭ বছৰীয়া কলিয়াট্টুপৰমবাথ কুমাৰন আৰু কান্নুৰ জিলাৰ পানুৰৰ ৮২ বছৰীয়া পলাক্কণ্ডি আব্দুল্লা।
শুকুৰবাৰে কুমাৰনৰ মৃত্যুৰ পিছত লেব টেষ্টত নিশ্চিত হয় যে তেওঁৰ মৃত্যুৰ কাৰণ ক’ভিড। শনিবাৰে কোঝিকোড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত কাহ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ চিকিৎসা কৰি থকা অৱস্থাত আব্দুল্লাৰ মৃত্যু হয়।
ইফালে কেৰালাতে ধৰা পৰিছে ক’ভিডৰ নতুন ছাব ভেৰিয়েণ্ট জেএন.1। ৮ ডিচেম্বৰত তিৰুৱনন্তপুৰম জিলাৰ কাৰাকুলামৰ আৰ টি পি চি আৰ পজিটিভ নমুনাত এই ছাব-ভেৰিয়েণ্ট ধৰা পৰিছিল।
যোৱা ১৮ নৱেম্বৰত এগৰাকী ৭৯ বছৰীয়া মহিলাৰ নমুনা আৰ টি পি চি আৰৰ দ্বাৰা পৰীক্ষা কৰা হৈছিল। মহিলাগৰাকীৰ ইনফ্লুৱেঞ্জা সদৃশ ৰোগ (আই এল আই)ৰ মৃদু লক্ষণ আছিল আৰু তেওঁ ক’ভিড-১৯ৰ পৰা সুস্থ হৈ উঠিছে।
স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, কেৰালাত সম্প্ৰতি ১৩২৪ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈ আছে।