আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিমক বিহ খুৱালে কোনে !
ছচিয়েল মিডিয়াৰ খবৰ কিমান সঁচা , কিমান মিছা !
ছচিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিমক কৰাচীত কোনোবাই বিহ খুৱাইছে ।বৰ্তমান কৰাচীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দাউদৰ অৱস্থা সংকটজনক। অৱশ্যে এই লৈ কোনো স্পষ্ট তথ্য এতিয়াও পোহৰলৈ অহা নাই। ছচিয়েল মিডিয়াৰ খবৰ অনুসৰি, ডাউদক ভৰ্তি কৰা চিকিৎসালয়খনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে প্ৰশাসনে । চিকিৎসালয় খনৰ শীৰ্ষ বিষয়া আৰু ডাউদৰ পৰিয়ালৰ ঘনিষ্ঠ সদস্যইহে ডাউদ ইব্ৰাহিমৰ কোঠাত প্ৰৱেশ কৰাৰ অনুমতি লাভ কৰিছে ।
ইণ্টাৰনেট ডাওন
পাকিস্তানত আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিমক কৰাচীত কোনোবাই বিহ খুওৱাৰ খবৰ বিয়পি পৰাৰ পাছতে পাকিস্তানত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শেহতীয়া খবৰ মতে পাকিস্তানৰ লাহোৰ, কৰাচী আৰু ইছলামাবাদৰ ইণ্টাৰনেট চাৰ্ভাৰ ডাউন হৈ আছে । দেওবাৰৰ নিশা ৮ বজাৰ পাছৰ পৰা ইণ্টাৰনেটৰ গতি মন্থৰ হৈছে। বিশ্বৰ ইণ্টাৰনেট, চাইবাৰ ছিকিউৰিটি আৰু ডিজিটেল গভৰ্নেন্স নিৰীক্ষণ কৰা সংস্থা নেটব্লকে পাকিস্তানৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ নিষেধাজ্ঞাৰ তথ্য নিশ্চিত কৰিছে।
পাকিস্তানী সাংবাদিক আৰ্জু কাজমীয়ে কি কয়
পাকিস্তানী সাংবাদিক আৰ্জু কাজমীয়ে কয় যে , “শুনা গৈছে যে কোনোবাই ডাউদ ইব্ৰাহিমক বিহ খুৱাইছে আৰু ইয়াৰ পাছতে ডাউদৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। তেওঁৰ অৱস্থা অতি বেয়া, তেওঁক কৰাচীৰ এখন চিকিৎসালয়ত ৰখা হৈছে আৰু এই খবৰ কিমানখিনি সঁচা নাজানো ।
ডাউদ ইব্ৰাহিম আৰু মুম্বাই
১৯৯৩ চনত মুম্বাইত ধাৰাবাহিক বোমা বিস্ফোৰণত জৰিত আছিল ডাউদ ইব্ৰাহিম। মুম্বাই বোমা বিস্ফোৰণৰ ঘটনাৰ পাছতে ডুবাইলৈ পলাই যায় ডাউদ আৰু ইয়াৰ পাছত পাকিস্তানত থাকিবলৈ লয় ডাউদ ।