ISHAN NEWS – Always One Step Ahead of Time…

ইজৰাইল-হামাছৰ যুদ্ধৰ মাজতে ইৰাণত বিস্ফোৰণ! হামাছক অস্ত্ৰ যোগান ধৰা ইৰাণত কোনে চলালে আক্ৰমণ?

0 119

ইজৰাইল-হামাছৰ মাজত যুদ্ধ চলি থকাৰ মাজতে ইৰাণৰ সবাটোতকৈ সুৰক্ষিত স্থান বুলি গণ্য কৰা ৰাজধানী তেহৰাণত ভয়ংকৰ বিস্ফোৰণ। দেশখনৰ বিমান আৰু মহাকাশ বাহিনীৰ মুখ্য কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বিস্ফোৰণৰ পিছতে দপদপাই জ্বলি উঠিল মুখ্য কাৰ্যালয়টো।

তথ্য অনুসৰি, বিমান আৰু মহাকাশ বাহিনীৰ এই মুখ্য কাৰ্যালয়ৰ পৰা মিছাইল আৰু ড্ৰোন যোগান ধৰা হয়। ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে এই কাৰ্যালয়ৰ পৰা হামাছ, হিজবুল্লাহ আৰু হুথী বিদ্ৰোহীলৈ প্ৰেৰণ কৰা হৈছিল মাৰাত্মক অস্ত্ৰ।

অৱশ্যে এই বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই। এয়া আকস্মিক দুৰ্ঘটনা নে  ষড়যন্ত্ৰ সেই সন্দৰ্ভত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰা নাই ইৰাণে।

যুদ্ধৰ মাজতে ইৰাণে ইজৰাইলক আক্ৰমণ বন্ধ কৰিবলৈ ধমক দি আহিছে। ইৰাণৰ বিৰুদ্ধে হামাছক অস্ত্ৰ যোগান ধৰাৰো অভিযোগ উঠিছে। আনহাতে, ইৰাণক জুইৰ সৈতে খেলা নকৰিবলৈ সকীয়াই দিছে আমেৰিকাই। শেহতীয়াকৈ ইৰাণত সংঘটিত এই বিস্ফোৰণৰ ঘটনাই বৃদ্ধি কৰিব পাৰে আমেৰিকা আৰু ইৰাণৰ মাজত সংঘাত।

ইফালে ইৰাণৰ গেছ ষ্টেচনত ইজৰাইলী হেকাৰে চাইবাৰ আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে। চাইবাৰ আক্ৰমণৰ বাবে ইৰাণৰ প্ৰায় ৬০ ৰ পৰা ৭০ শতাংশ গেছ ষ্টেচন স্তব্ধ হৈ পৰিছিল। গেছ ষ্টেচনত হোৱা চাইবাৰ আক্ৰমণৰ বাবে ইজৰাইল আৰু আমেৰিকান হেকাৰসকলক দোষাৰোপ কৰি আহিছে ইৰাণে।

Leave A Reply

Your email address will not be published.