মানুহ খোৱা দেশখন আৰু নেহৰুৰ মূল্যায়ণ
সুশীল পাটোৱাৰী
ফোন নংঃ ৭০০২১১৮৬৭৩
লক্ষ্মীনাথ বেজবৰুৱাৰ তুলা আৰু তেজাৰ সাধুকথাটো নিশ্চয় মনত আছে। সেই যে কুটুমে ৰান্ধিলে, কুটুমে বাঢ়িলে, কুটুমে কুটুমক খালে। সেয়া আছিল সাধুকথা। পিতৃ-মাতৃয়ে সন্তানৰ মাংস ৰান্ধি খোৱাৰ সাধুকথা। কিন্তু কেতিয়াবা আপুনি কল্পনা কৰিব পাৰিবনে মানুহে মানুহৰ মাংস খোৱাৰ বাস্তৱ কাহিনী। পিতৃ-মাতৃয়ে সন্তানক হত্যা কৰি মাংস খোৱাৰ কাহিনী বা ভনীয়েকে ভায়েকক হত্যা কৰি নৰমাংস খোৱাৰ কাহিনী?
আপুনি-মই কল্পনা কৰিবলৈ ভয় লাগিলেও তেনে কাণ্ড হৈছে। এটা দুটা নহয় প্ৰায় শতাধিক একে ধৰণৰ কাণ্ড সংঘটিত হৈছিল এখন দেশত। সেইখন দেশত সেই বিভত্স কাণ্ডসমূহ হৈছিল যিখন দেশে আজিৰ তাৰিখত নিজকে এছিয়া মহাদেশৰ সিংহ বুলি জ্ঞান কৰে। আমেৰিকাৰ দৰে দেশক ফেপেৰি পাতি ধৰিবলৈ ভয় নকৰে। হয়তো আপুনি বুজি পাইছে যে মই চীনৰ কথাকেই ক’ব বিচাৰিছো। নৰমাংস ভক্ষণৰ সেই বিভত্স কাণ্ড সংঘটিত হৈছিল ৫০-৬০ৰ দশকত।
মাওজেডঙৰ সেই কুখ্যাত গ্ৰেট লিপ ফৰৱাৰ্ড (Great Leap Forward) আঁচনিৰ ফচল আছিল সেয়া। থোৰতে Great Leap Forward আঁচনি আছিল ভুকুতে কল পকোৱা নীতি। পাঁচটা বছৰত চীনক কৃষি, উদ্যোগৰ ক্ষেত্ৰত বিশ্বৰ এক নম্বৰ দেশ বনাব বিচৰা এক অলীক সপোন মাওহেডঙৰ। Great Leap Forward পৰিকল্পনাৰ বিস্তৃত ব্যাখ্যা আজিৰ বিশ্লেষণৰ উদ্দেশ্য নহয়। কিন্তু এই Great Leap Forward পৰিকল্পনাৰ অন্য এক ফচল আছিল ১৯৬২ৰ ভাৰত-চীন যুদ্ধ।
সেই ব্যাখ্যালৈ আমি যাম। কিন্তু তাৰ পূৰ্বে কৈ ল’ব বিচাৰিছো আজিৰ অহংকাৰী চীন দেশৰ সেই সময়ৰ বিভত্স ৰূপ। চীনৰ জিনয়াং (Xinyang) প্ৰদেশৰ হেনান নামৰ এটা অঞ্চল। হেনানৰ এগৰাকী ১৮ বছৰীয়া যুৱতী। এজন পাঁচ বছৰীয়া ভতিজাক আছিল সেই যুৱতীগৰাকীৰ। এদিন যুৱতীগৰাকীয়ে পাঁচ বছৰীয়া ভতিজাকক পানীত ডুবাই হত্যা কৰিলে। আৰু তাৰ পিছত ভতিজাকক কাটি-বাচি ৰান্ধি খালে যুৱতীয়ে।
কেৱল সেয়াই নহয় পাঁচ বছৰীয়া ল’ৰাটোৰ ১৪ বছৰীয়া এগৰাকী বায়েকে আছিল। ভায়েকৰ মাংস তায়ো খালে। কাৰণ ভোক। খাবলৈ একো বাচি থকা নাই। কুকুৰ-মেকুৰী, ঘৰচিৰিকা একোৱেই নাই। বাচি আছে মাথোঁ মানুহ। সেয়ে পেটৰ ভোক নিবাৰণ কৰিছে মানুহৰ মাংসৰে। এনে নৰমাংস খোৱাৰ ঘটনা দেশখনৰ আনহুই প্ৰদেশত সৰ্বমুঠ ৬৩টা ঘটনা সংঘটিত হৈছিল মাথোঁ এটা বছৰৰ ভিতৰত।
আনহুই প্ৰদেশত সংঘটিত হৈছিল বিশ্বৰ বিভত্সতম কাণ্ডটো। এহাল পিতৃ-মাতৃয়ে তেওঁলোকৰ ৮ বছৰীয়া সন্তানক ডিঙি চেপি হত্যা কৰিছিল। ইয়াৰ পিছত কাটি-বাচি ৰান্ধি খাইছিল সন্তানৰ মাংস। কাৰণ জীয়াই থাকিব লাগে। একেখন প্ৰদেশতে এজন ব্যক্তিয়ে এজন পুৰুষৰ মৃতদেহ এটা লাভ কৰি মৃতদেহটো ঘৰলৈ আনি বাচি-কুটি এটা ভাগ নিজেই ৰান্ধি খালে। অৱশিষ্ট অংশ চুবুৰীয়াক গাহৰিৰ মাংস বুলি বিক্ৰী কৰিলে।
সমগ্ৰ দেশখনত এনে কাণ্ড সহজলভ্য হৈ পৰিছিল। আপুনি অনুমান কৰক কেনে এক পৰিস্থিতি হ’লে কুটুমে কুটুমৰ মাংস খাব পাৰে? এয়া আছিল চীনৰ মহান মাওজেডঙৰ গ্ৰেট লিপ ফৰৱাৰ্ড আঁচনিৰ দ্বাৰা সৃষ্ট পৰিবেশ। ১৯৫৮ত প্ৰৱৰ্তন কৰা এই গ্ৰেট লিপ ফৰৱাৰ্ড আঁচনিৰ ফলত সমগ্ৰ দেশখনত ১৯৬০লৈ আনুমানিক ৪.৫ কোটি মানুহৰ মৃত্যু হৈছিল। কোনোবাই অনাহাৰে মৰিছিল। কাৰোবাক নিৰ্যাতন কৰি হত্যা কৰা হৈছিল। কোনোবা হয়তো বিনা চিকিত্সাই বেমাৰ হৈ মৰিছিল। সেই সময়ত মাওৰ চৰকাৰৰ কামৰ নমুনা আছিল এনে ধৰণৰ ।
চৰকাৰী সমীক্ষাত প্ৰকাশ পালে যে খেতিৰ ফচল যিধৰণে হ’ব লাগিছিল সেয়া হোৱা নাই। ইয়াৰ বাবে দোষী সাব্যস্ত কৰা হ’ল ঘৰচিৰিকাক। ঘৰচিৰিকাই উত্পাদিত শস্যৰ সৰহসংখ্যক খোৱা বুলি পতিয়ন গ’ল মাওজেডং। সেয়ে নিৰ্দেশ আহিল ঘৰচিৰিকা বধ কৰিব লাগে। দেশজুৰি নিঃশেষ কৰি দিয়া হ’ল ঘৰচিৰিকা। ইয়াৰ পিছৰ বছৰ শস্যৰ উত্পাদন আৰু বেয়া। কাৰণ প্ৰাকৃতিক ভাৰসাম্য নোহোৱা হ’ল। ঘৰচিৰিকা নোহোৱা হোৱাৰ বাবে পোক-পতংগৰ উত্পাত বৃদ্ধি হ’ল। ফলত শস্যৰ উত্পাদন-ভয়ংকৰভাৱে হ্ৰাস হ’ল। সমগ্ৰ দেশত দুৰ্ভিক্ষই আগুৰি ধৰিলে।
কিন্তু মাওহেডং নাও বুৰিলেও টিনৰ পৰা ননমা মানুহ। বিশ্বৰ বিভিন্ন দেশে আগবঢ়াব খোজা সাহায্য প্ৰত্যাক্ষাণ কৰিলে। কেৱল সেয়াই নহয় মাওৰ নিৰ্দেশত দেশৰ উত্পাদিত খাদ্যশস্য বৰ্হিদেশলৈ পূৰ্বৰ দৰে ৰপ্তানি কৰি থকা হ’ল।
ইয়াৰ জৰিয়তে বিশ্ববাসীক চীনে বুজাব বিচাৰিলে যে দেশত দুৰ্ভিক্ষ হোৱা নাই। খাদ্যশস্যৰ নাটনি হোৱা নাই। বৰঞ্চ আনক দিবলৈ পৰ্যাপ্ত খাদ্য আছে দেশখনৰ। কিন্তু দেশৰ জনতাক বাস্তৱৰ পৰা আঁতৰাই ৰাখিব কেনেকৈ? মাওহেডঙৰ জনপ্ৰিয়তা সাংঘাতিকভাৱে অৱনমিত হ’ল। ১৯৫৯ৰ ২৫ মাৰ্চৰ চাংহাই পলিটব্যুৰোৰ জৰুৰী সভা অনুষ্ঠিত হ’ল।
Great Leap Forwardক লৈ। নেতৃত্বক দোষাৰোপ কৰি People’s Republicৰ অধ্যক্ষ পদৰ পৰা মাওক অৱসৰ দিয়া হ’ল। অৱশ্যে দল অৰ্থাত্ Chinese Communist Partyৰ অধ্যক্ষ হিচাপে ৰৈ গ’ল মাও। দল কিম্বা চৰকাৰৰ মাওৰ প্ৰভাৱ অক্ষুণ্ণ হৈ থাকিল। সেয়ে দল বা চৰকাৰৰ যিয়েই মাওৰ Great Leap Forwardৰ সমালোচনা কৰে তাৰেই পাখি কাটে মাৱে। জনতাৰ চকু অন্যফালে নিয়াৰ বাবে মাওৱে ত্ৰুটি নকৰিলে। দলত নিজৰ স্থিতি আগতকৈ সৱল কৰা আৰু জনতাৰ আস্থাভাজন হোৱাৰ বাবে মাওৱে বিশেষ কৌশল গ্ৰহণ কৰিলে। তিব্বত চীনে অধিগ্ৰহণ হোৱাৰ পিছত ১৯৫৯ৰ ৩০ মাৰ্চত দালাই লামা ভাৰতত প্ৰৱেশ কৰিছিল। ১৮ এপ্ৰিলত তেজপুৰত ভৰি থৈছিল দালাই লামাই। দালাই লামাক ভাৰতত আশ্ৰয় দিয়াক কেন্দ্ৰ কৰি তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিল চীনে। সমান্তৰালভাৱে মেকমোহন লাইনকো মান্যতা দিয়া নাছিল চীনে। ১৯৫৯ৰ জুলাই মাহত China communist partyৰ পলিটব্যুৰোৰ বিশেষ বৈঠক আহ্বান কৰা হৈছিল লুচানত। পলিটব্যুৰোৰ এই বিশেষ বৈঠকত মাওৱে উত্থাপন কৰিছিল তিব্বতলৈ দালাই লামাৰ প্ৰসংগ আৰু ভাৰতৰ সৈতে সীমা বিতৰ্ক। লুচানত বৈঠক চলিছিল ১৬ আগষ্টলৈ আৰু ২৫ আগষ্টত চীনা সৈন্যই হঠাতে সেইসময়ৰ নেফাৰ লাংজু সেনা ছাউনীত আক্ৰমণ কৰে। অৰ্থাত্ ভাৰতক Soft target হিচাপে লৈ জনতাক আবেগিক কৰাৰ উদ্দেশ্য আছিল চীনৰ। বহু বিশেজ্ঞই দাবী কৰে যে ১৯৬২ৰ ভাৰত আক্ৰমণো আছিল একেবোৰ কাৰণতে। চীনে জানিছিল যে নেফাত সেইসময়ত ভাৰত যুদ্ধ কৰিব পৰা পৰিস্থিতিত নাই। যোগাযোগ ব্যৱস্থা তেনেই তথৈবচ। ভাৰতে প্ৰতি আক্ৰমণ কৰিব নোৱাৰিব বা চীনত বিশেষ ক্ষতি কৰিব নোৱাৰিব। চীনে ইমানলৈ হিচাপ-নিকাচ কৰিছিল যে যদি তেওঁলোকে ভাৰত আক্ৰমণ কৰে ভাৰতক কোনে সহায় কৰিব পাৰে। নেহৰু সেই সময়ত কেৱল এছিয়া মহাদেশৰে নহয় বৰঞ্চ সমগ্ৰ বিশ্বই সমীহ কৰা এজন ৰাষ্ট্রনেতা। চীনে সকলো দিশ চালিজাৰি চাই বুজি পালে যে ৰাছিয়াই ভাৰতক সহায় নকৰে। কাৰণ এখন কমিউনিষ্ট দেশৰ বিৰুদ্ধে ৰাছিয়া কেতিয়াও নাযায়। আমেৰিকাই যদিও ভাৰতক সহায় কৰিলেহেঁতেন কিন্তু সেই সময়ত এক বিশেষ কাৰণত সেই সহায় নকৰে। সেই বিশেষ কাৰণটো আছিল ইতিহাসৰ এক বিশেষ ঘটনা। বিশ্ববাসীয়ে সেয়া জানে কিউবা মিছাইল ক্ৰাইছিছ হিচাপে। চমুকৈ কিউবান মিছাইল ক্ৰাইছিছ হ’ল ৰাছিয়া আৰু আমেৰিকাৰ নিউক্লিয়াৰ শক্তি প্ৰদৰ্শনৰ কুচকাৱাজ। কিউবাত এনে এক পৰিবেশৰ সৃষ্টি হৈছিল যে সেই সময়ৰ দুই নিউক্লিয়াৰ ছুপাৰ পাৱাৰ আমেৰিকা। আৰু ছোভিয়েট ৰাছিয়া সমুখ সমৰত লিপ্ত হ’বলৈ গৈ আছিল। যিকোনো মুহূৰ্তত নিউক্লিয়াৰ বোমা বিস্ফোৰণৰ পৰিবেশ ৰচনা হৈছিল কিউবাত। ইতিহাসৰ সেয়া এক ক’লা অধ্যায়। কিউবা মিছাইল ক্ৰাইছিছ অব্যাহত আছিল ১৯৬২ৰ ১৬ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ। গতিকে এই সময়ছোৱাত আমেৰিকাই অন্য দেশক সামৰিক সহায় আগবঢ়োৱাৰ কথা আহিবই নোৱাৰে। সেয়ে সকলো হিচাপ-নিকাচ কৰি ১৯৬২ৰ ২০ অক্টোবৰত চীনে হঠাতে ভাৰ আক্ৰমণ কৰিলে। যি পৰিকল্পনা ১৯৫৯ লুচানৰ পলিটব্যুৰোৰ বৈঠকত কৰা হৈছিল। সহজতে চীনে বৰ্তমানৰ অৰুণাচল অধিকাৰ কৰি লৈছিল। প্ৰতিকূল যোগাযোগ ব্যৱস্থাৰ বাবে ভাৰতীয় সেনাই চীনা সৈন্যক বিশেষ বাধা দিব পৰা নাছিল। হেজাৰ হেজাৰ ভাৰতীয় সেনা হয় চীনৰ হাতত মৃত্যু হৈছিল বা বন্দী হৈছিল। তেনে এক পৰিস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এক আৱেগিক ভাষণ দিছিল ভিডিঅ’যোগে। নেহৰুৰ সেই বিশেষ বক্তব্যৰ মাথোঁ এটা বাক্য সেইদিনৰ পৰা আজি পৰ্যন্ত একাংশ লোকে ব্যৱহাৰ কৰি আহিছে। নেহৰুক গালি পৰাৰ বাবে। আগ-গুৰি নোহোৱা সেই কুখ্যাত বাক্যটো হ’ল To our countrymen in Assam to whom our heart goes out at this moment। নেহৰুৰ সেই বিশেষ বাক্যাংশৰ অৰ্থ উলিয়াই দিয়া হ’ল যে দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমখন চীনক গতাই দিলে। ৬২ৰ পৰা আজি পৰ্যন্ত নেহৰুৰ বিৰুদ্ধে একেখিনি কথাই উচ্চাৰিত হৈ আছে। কিন্তু ৰেডিঅ’যোগে নেহৰুৱে দেশবাসীক সেই এটা বাক্যই কোৱা নাছিল। তেখেতৰ বক্তব্যৰ শেষ অংশটো আছিল এনেধৰণৰ… WE shall not be content till that invader goes out of Indian or is pushed out. We shall not accept any terms that he may offer because we may think that we are little frightened by some setbacks. I want to our countrymen is Assam to whom our heart goes out at this moment. অৰ্থাত্ অসম সন্দৰ্ভত নেহৰুক কেন্দ্ৰ কৰি যি অপপ্ৰচাৰ কৰি থকা হৈছে তাৰ সম্পূৰ্ণ বিপৰীত স্থিতি লৈছিল নেহৰুৱে। নেহৰুৱে কৈছিল যে দখলকাৰীৰ কোনো চৰ্ত মানি লোৱা নহয় লগতে দখলকাৰীক ভাৰতৰ পৰা খেদি পঠোৱা হ’ব। অসমবাসী তথা দেশবাসীক সেই কথা দিছিল নেহৰুৱে। কিন্তু বাস্তৱত কি কৰিছিল দেশৰ প্ৰধানমন্ত্ৰীয়ে? নেফা দখলৰ পিছত চীনা সৈন্য ভৈয়ামলৈ অৰ্থাত্ তেজপুৰলৈ আগবাঢ়ি অহাৰ খবৰ পাইছিল চৰকাৰে। দেশৰ এনে সংকটৰ কথা নেহৰুৱে তত্কালে সেই সময়ৰ আমেৰিকাৰ ৰাষ্ট্রপতি J F K অৱগত কৰাইছিল। সমান্তৰালভাৱে ব্ৰিটেইনৰ সহায় বিচাৰিছিল নেহৰুৱে। ১৯৬২ৰ ১৬ ডিচেম্বৰত নেহৰুৱে জন এফ কেনেডিলৈ পৃথকে দুখনকৈ পত্ৰ প্ৰেৰণ কৰিছিল দেশৰ শেহতীয়া পৰিস্থিতিক লৈ। চীনে ধৰি লৈছিল যে Cuban Missile Crisis চলি থকাৰ সময়ত আমেৰিকাই ভাৰতক কোনো কাৰণতে সহায় নকৰিব। কিন্তু তেনে এক জটিল পৰিস্থিতিৰ সময়তো আমেৰিকা আৰু ব্ৰিটেইন দুই দেশে ভাৰতক সহায় কৰিবলৈ আগবাঢ়িল। আমেৰিকাই তত্কালে ভাৰতলৈ উন্নত মাৰণাস্ত্ৰ, সেনাৰ বাবে ভীষণ ঠাণ্ডাতো যুঁজ কৰিব পৰাকৈ গৰম কাপোৰ প্ৰেৰণ কৰিলে। ব্ৰিটিছৰ ৰয়েল এয়াৰফোৰ্চ ভাৰতৰ হৈ যুঁজিবলৈ সাজু হ’ল। অন্যহাতে তেজপুৰ সমভূমি হোৱা হেতুকে ভাৰতে পৰ্যাপ্ত সেনা, টেংক, যুদ্ধাস্ত্ৰ মজুত কৰিবলৈ সহজ হ’ল। ইতিমধ্যে Cuban Missile Crisis ১৩ দিনত অন্ত পৰিল। গতিকে আমেৰিকাই ভাৰতৰ হৈ চীনৰ বিৰুদ্ধে পূৰ্ণ শক্তি প্ৰয়োগ কৰাৰ আশংকা বৃদ্ধি পাৰে। এনে বহুবোৰ কাৰণত চীনে যুদ্ধ আগবঢ়াব নিবিচাৰিলে। বহু বিশেষজ্ঞৰ মতে চীনৰ ভাৰত আক্ৰমণৰ যি অন্তৰ্নিহিত উদ্দেশ্য আছিল সেয়া পূৰণ হৈছে। মাওহেডঙে জনতাৰ দৃষ্টি অন্যফালে নিবলৈ সক্ষম হ’ল। মাওৰ Great Leap Forward জনতাক পাহৰাই ৰাখিবলৈ ভাৰত আক্ৰমণৰ পৰিকল্পনা সফল হ’ল। যদি এই যুদ্ধ দীৰ্ঘদিনলৈ চলে আৰু আমেৰিকা-ব্ৰিটেইনৰ দৰে দেশে যদি ভাৰতৰ হৈ যুঁজে নিশ্চিতভাৱে অৱস্থা কাহিল লৈ পৰিব চীনৰ। সেয়ে পৰাজয়ৰ অপবাদ লোৱাতকৈ যুদ্ধৰ সমাপ্তি ঘটোৱাটোৱে মংগল। যাৰ বাবে কোনো চৰ্ত নৰখাকৈ ১৯৬২ৰ ২১ নৱেম্বৰত চীনে যুদ্ধ বিৰতিৰ ঘোষণা কৰে লগতে চীনে দখল কৰা অঞ্চল মুক্ত কৰি দিয়াৰ কথা ঘোষণা কৰে। সেই সময়ত অৰুণাচল দখল কৰা চীনৰ মুখ্য উদ্দেশ্য নাছিল বা ইচ্ছা থাকিলেও চিৰদিনৰ বাবে ল’ব নোৱাৰিলে। সুবিধা পালেই অসমৰ প্ৰসংগলৈ নেহৰুক গালি পৰাটো আজিৰ তাৰিখত একাংশৰ ফেশ্বন হৈছে। সেইটো চামে কেতিয়াও বিশ্লেষণ কৰি নেদেখুৱাই কিদৰে নেহৰুৱে আমেৰিকাৰ ভয়ংকৰ সংকটতৰ মাজতো তেওঁলোকৰ পৰা সহায় আদায় কৰিব পাৰিছিল। মাথোঁ অশ্বত্থামা হত কিন্তু এটি গজৰ লেখিকা এটা বাক্য My heart goes out to the people of Assamৰ জৰিয়তে নেহৰুক অৱমূল্যায়ণ কৰি থকা হৈছে।