সম্পৰ্কীয় ভাতৃৰ সৈতে বিবাহপাশত আৱদ্ধ নোহোৱাৰ বাবে নিজ কন্যাক হত্যা কৰাৰ অভিযোগত পাকিস্তানী দম্পতীক ইটালীৰ আদালতে আজীৱন কাৰাদণ্ড প্ৰদান কৰে।
১৮ বছৰীয়া চামান আব্বাছ নামৰ যুৱতীগৰাকীয়ে বিয়াৰ বাবে পাকিস্তান যাবলৈ অস্বীকাৰ কৰাত পিতৃ-মাতৃয়ে তেওঁক হত্যা কৰে।
২০২১ চনৰ এপ্ৰিলৰ পিছৰ পৰা যুৱতীগৰাকী নিৰুদ্দেশ হৈ থকাৰ পিছতে এই চাঞ্চল্যকৰ ঘটনাটো পোহৰলৈ আহিছিল।
মধ্য ইটালীৰ ৰেগিঅ’ এমিলিয়াৰ ন্যায়াধীকৰণে যুৱতীগৰাকীৰ পিতৃ-মাতৃক কাৰাদণ্ড প্ৰদান কৰে। সম্প্ৰতি যুৱতীগৰাকীৰ মাতৃ পলাতক অৱস্থাত আছে।
আনহাতে যুৱতীগৰাকীৰ খুৰাকক ১৪ বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰাৰ লগতে আন দুজনক দোষমুক্ত ঘোষণা কৰে।
ইফালে আদালতৰ এই সিদ্ধান্তক সহজভাৱে মানি লোৱা নাই যুৱতীগৰাকীৰ পিতৃয়ে। ইটালীৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আদালতত তেওঁ কয় যে এই বিচাৰ সম্পূৰ্ণ হোৱা নাই। মইও জানিব বিচাৰো যে মোৰ ছোৱালীক কোনে হত্যা কৰিলে।
পূব পাকিস্তানৰ নিজৰ গাঁৱত হত্যাৰ সন্দেহত গ্ৰেপ্তাৰ হোৱাৰ পিছত আগষ্ট মাহত যুৱতীগৰাকীৰ পিতৃ শ্বাব্বাৰ আব্বাছক বিচাৰৰ সন্মুখীন হ’বলৈ ইটালীলৈ প্ৰত্যাৰ্পণ কৰা হৈছিল। তেওঁৰ পত্নী পাকিস্তানত আত্মগোপন কৰি থকাৰ সন্দেহ।
নিৰুদ্দেশ হোৱাৰ প্ৰায় ১৮ মাহৰ পিছত ২০২২ চনৰ নৱেম্বৰ মাহত নভেলাৰা চহৰত থকা তেওঁৰ পৰিয়ালৰ ঘৰৰ ওচৰত চামান আব্বাছৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ হৈছিল। দন্ত চিকিৎসাৰ ৰেকৰ্ডৰ দ্বাৰা তেওঁক চিনাক্ত কৰা হয়।
চিচি কেমেৰাৰ ফুটেজ অনুসৰি যুৱতীগৰাকীক সম্ভৱতঃ ৩০ এপ্ৰিলৰ নিশাৰ পৰা ১ মে’ৰ ভিতৰত হত্যা কৰা হৈছিল।