ISHAN NEWS – Always One Step Ahead of Time…

নতুন বছৰক আদৰণি জনাবলৈ যাওতে সাৱধান হওক ।

0 150

২০২৩ ক বিদায় দি ২০২৪ ক আদৰিবলৈ মাজত মাত্ৰ কেইটামান দিন । পুৰণি বৰ্ষক বিদায় দি নতুন বছৰক আদৰণি জনাবলৈ যাওতে আপুনি সাৱধান হওক। ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত নতুন বছৰক আদৰণি জনায় আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰাসকল অধিক সাৱধান হব লাগিব, নহলে বিপদত পৰাৰ সম্ভাৱনা অধিক ।৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত ৰাজ্যৰ চুকে-কোণে ঘূৰিব আৰক্ষীৰ ইণ্টাৰচেপ্টৰ বাহন।

 যি সকলে সুৰাপান কৰি গাড়ী চলায় সেই সকল লোকে সাৱধান নহলে বিপদত পৰাৰ সম্ভাৱনা অধিক।আজিৰে পৰা অসম আৰক্ষীত সংযোজন হ’ল ১০খন ইণ্টাৰচেপ্টৰ বাহন আৰু ১৫০টা ব্রেথ এনালাইজাৰ।

বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে মাঘ বিহুৰ সময়লৈ সুৰাপায়ীৰ বিৰুদ্ধে অভিযান চলাব আৰক্ষীয়ে ।দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে এই ব্যৱস্থা গ্রহণ কৰিছে আৰক্ষীয়ে । মন্ত্রী পৰিমল শুক্লবৈদ্যই আজি আনুষ্ঠানিকভাৱে অসম আৰক্ষীক অৰ্পণ কৰে ইণ্টাৰচেপ্টৰ বাহন কেইখন । এতিয়াৰ পৰা সুৰাপান কৰি গাড়ী চলোৱা লোকসকল এই ক্ষেত্ৰত সৱধান হ’ব লাগিব। দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে ।

Leave A Reply

Your email address will not be published.