ISHAN NEWS – Always One Step Ahead of Time…

৩০০ৰো অধিক ভাৰতীয় যাত্ৰীভৰ্তি বিমান আৱদ্ধ কৰিলে ফ্ৰান্সে। ভয়ংকৰ বিপদৰ পৰা প্ৰাণৰক্ষা শতাধিক ভাৰতীয়ৰ।

0 212

ভয়ংকৰ বিপদৰ পৰা কথমপি প্ৰাণৰক্ষা পৰিল শ শ ভাৰতীয়ৰ। শুক্ৰবাৰে ফ্ৰান্স আৰক্ষীয়ে আৱদ্ধ কৰিলে ডুবাইৰ পৰা নিকাৰাগুয়ালৈ যোৱা এখন বিমান। এই বিমানখনত ৩০০ তকৈও অধিক ভাৰতীয় যাত্ৰী আছিল। বিমানখনৰ জৰিয়তে ভাৰতীয়সকলক সৰবৰাহ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।

যোৱা বৃহস্পতিবাৰে এয়াৰবাছ এ340 ডুবাইৰ পৰা নিকাৰাগুয়ালৈ উৰা মাৰিছিল। মুঠ ৩০৩ জন ভাৰতীয় যাত্ৰী আছিল বিমানখনত। ডুবাইৰ পৰা যাত্ৰা আৰম্ভ কৰা বিমানখনে কিছু কাৰিকৰী সমস্যাৰ বাবে ভাত্ৰি বিমানবন্দৰত অৱতৰণ কৰে। সেইসময়ত ফ্ৰান্সৰ কৰ্তৃপক্ষই গোপন সূত্ৰৰ পৰা বিমানখনেৰে ‘মানৱ সৰবৰাহ’ চলি থকাৰ খবৰ লাভ কৰে। ইয়াৰ পাছতেই ফ্ৰান্সৰ আৰক্ষীয়ে আৱদ্ধ কৰে বিমানখন। তথ্য অনুসৰি ৰোমানিয়াৰ এটা চাৰ্টাৰ কোম্পানীয়ে লৈ গৈছিল বিমানখন। আৰক্ষীয়ে বিমানখন আৱদ্ধ কৰাৰ পাছত আৰম্ভ কৰে তদন্ত। প্ৰথমতে বিমানখনৰ যাত্ৰীসকলক এৰাইভেল লাউঞ্জলৈ অনা হয়। বহুতকে ৰখা হয় বিমানবন্দৰত। সম্পূৰ্ণ বিমানবন্দৰটো ঘেৰি ধৰে আৰক্ষীৰ দলে। এই ঘটনাটোৰ তদন্ত অপৰাধ বিৰোধী সংস্থা জুনালকোৰক অৰ্পণ কৰা হৈছে। এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

এই ঘটনাক লৈ এয়াৰলাইনছ কোম্পানীটোয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে। মানৱ সৰবৰাহত কোম্পানীটো জড়িত নহয় বুলি স্পষ্ট কৰি দিছে এয়াৰলাইন্স কোম্পানীটোৱে।

Leave A Reply

Your email address will not be published.