ISHAN NEWS – Always One Step Ahead of Time…

প্ৰতিবাদৰ সুফল! WFI-ৰ নৱনিৰ্বাচিত সভাপতি সঞ্জয় সিঙক নিলম্বন। ishan news…

0 146

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক নিলম্বন কৰিলে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে। ৰাষ্ট্ৰীয় মল্লযুঁজ প্ৰতিযোগিতা আয়োজনত খৰখেদা কৰাৰ বাবেই মল্লযুঁজ ফেডাৰেচনৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

কেৱল এয়াই নহয় মন্ত্ৰালয়ে ডব্লিউ এফ আইৰ নৱনিযুক্ত সভাপতি সঞ্জয় সিঙকো নিলম্বন কৰিছে। সঞ্জয় সিং বিজেপিৰ সাংসদ তথা ডব্লিউ এফ আইৰ প্ৰাক্তন সভাপতি বৃজভূষণ শৰণ সিঙৰ ঘনিষ্ঠ।

উল্লেখ্য যে, ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নিৰ্বাচনত সভাপতি পদত সঞ্জয় সিঙে জয়লাভ কৰাৰ পিছৰে পৰাই বৰ্তমানৰ তথা প্ৰাক্তন মল্লযুঁজাৰুসকলে আপত্তি দৰ্শোৱাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

মল্লযুঁজাৰুসকলে কয় যে সঞ্জয় সিং বিজেপি সাংসদ বৃজভূষণ শৰণ সিঙৰ ঘনিষ্ঠ আৰু এনে পৰিস্থিতিত তেওঁ সভাপতি হোৱাত ডব্লিউ এফ আইৰ কোনো উন্নতিৰ আশা কৰিব পৰা নাযায়।

প্ৰতিবাদ তথা অসন্তুষ্টিৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি ধাৰণা কৰা হৈছে যদিও মল্লযুঁজ ফেডাৰেচনৰ স্বীকৃতি বাতিল আৰু সঞ্জয় সিঙক নিলম্বন কৰাৰ কাৰণ সম্পূৰ্ণ বেলেগ।

২৪ ডিচেম্বৰ অৰ্থাত দেওবাৰে ক্ৰীড়া মন্ত্ৰালয়ে মল্লযুঁজ ফেডাৰেচনৰ স্বীকৃতি বাতিল কৰাৰ লগতে ইয়াৰ নৱনিযুক্ত সভাপতি সঞ্জয় সিঙক নিলম্বন কৰে। মন্ত্ৰালয়ে কয় যে ডব্লিউ এফ আইয়ে বৰ্তমানৰ নিয়ম-নীতিসমূহক আওকাণ কৰিছে।

আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তিযোগে ক্ৰীড়া মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় মল্লযুঁজ প্ৰতিযোগিতা আয়োজন কৰাৰ ঘোষণা খৰখেদা আৰু নিয়ম মানি নচলা বুলি উল্লেখ কৰিছে। এই প্ৰতিযোগিতাখন উত্তৰ প্ৰদেশৰ গোণ্ডাত অনুষ্ঠিত হোৱাৰ কথা আছিল, যিটো বৃজভূষণ সিঙৰ এলেকা৷

মন্ত্ৰালয়ে জনোৱা মতে, নৱনিৰ্বাচিত সভাপতি সঞ্জয় কুমাৰ সিঙে ২১ ডিচেম্বৰত ঘোষণা কৰিছিল যে চলিত বৰ্ষৰ শেষৰ পিনে জুনিয়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰম্ভ হ’ব। কিন্তু এইটো নিয়মৰ বিৰুদ্ধে, কাৰণ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ কমেও ১৫ দিনৰ জাননী দিব লাগিব, যাতে মল্লযুঁজাৰুসকলে প্ৰস্তুতি চলাব পাৰে।

অভিযোগ উত্থাপন হৈছে যে নতুন সংগঠনটো সম্পূৰ্ণৰূপে পুৰণি বিষয়াসকলৰ নিয়ন্ত্ৰণত থকা যেন লাগে, যিসকলৰ বিৰুদ্ধে ইতিমধ্যে যৌন নিৰ্যাতনৰ অভিযোগ আছে।

Leave A Reply

Your email address will not be published.