ISHAN NEWS – Always One Step Ahead of Time…

শোকসভা এটি সোণালী বান্দৰৰ বাবে… প্ৰকৃততে কি হৈছিল?

0 247

বঙাইগাঁও জিলাৰ কাকৈজানৰ ৰাজপথত শোকসভা ৷ এই শোকসভা কোনো বিখ্যাত ব্যক্তিৰ মৃত্যুৰ বাবে নহয় ৷ এই শোকসভা এটি সোণালী বান্দৰৰ বাবেহে।

এটা সোণালী বান্দৰৰ কৰুণ মৃত্যুৰ বাবে ৰাজপথত শোকসভা অনুষ্ঠিত কৰা হয় । য’ত অংশ লৈছে বনবিষয়া, আৰক্ষী বিষয়া, সাংবাদিক, প্ৰকৃতিপ্ৰেমী আৰু ৰাইজে ৷ আজি পুৱা এখন অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হয় এটি গৰ্ভৱৰ্তী সোণালী বান্দৰৰ ৷ ভাৰত বিখ্যাত তথা কেৱল নামনি অসমতে একমাত্ৰ পোৱা এই সোণালী বান্দৰটিৰ মৃত্যুৰ পিছতে শোকাভিভূত হৈ পৰে প্ৰকৃতিপ্ৰেমীসকল ৷ অতি বিলুপ্ত এই সোণালী বান্দৰটিৰ মৃত্যুৰ পিছতে ৰাইজে ৰাজপথতে শোকসভা অনুষ্ঠিত কৰে ৷ পিছত বনবিভাগে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ উল্লেখ্য বঙাইগাঁও জিলাৰ কাকৈজানবাসীয়ে সোণালী বান্দৰক নিজৰ পৰিয়ালৰ সদস্যৰ দৰে জ্ঞান কৰে।

https://fb.watch/p92edyMb6F/

Leave A Reply

Your email address will not be published.