ISHAN NEWS – Always One Step Ahead of Time…

মদ কিনিবলৈ ধন নিদিয়াৰ বাবেই মাতৃৰ সৈতে ভয়ংকৰ কাণ্ড পাষণ্ড পুত্ৰৰ

0 44

মহাৰাষ্ট্ৰৰ লাটুৰ জিলাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। সুৰা কিনিবলৈ ধন নিদিয়াৰ বাবেই মাতৃক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন ২৩ বছৰীয়া যুৱকক।

দেওবাৰে এজন বিষয়াই এই তথ্য প্ৰদান কৰে। আহমেদপুৰ তেহচিলৰ সতলা গাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা।

জানিব পৰা অনুসৰি, জ্ঞানেশ্বৰ নাথৰাও মুণ্ডে নামৰ অভিযুক্তজনে সুৰা কিনিবলৈ মাতৃ সংগীতা নাথৰাও মুণ্ডে (৪০)ক ধন বিচাৰিছিল। কিন্তু পুত্ৰক মাতৃয়ে ধন দিবলৈ অস্বীকাৰ কৰে। ইয়াৰ পিছতে পুত্ৰই খঙত মাকক চোকা অস্ত্ৰৰে মূৰত আক্ৰমণ কৰে, যাৰ ফলত মাকৰ মৃত্যু হয়।

আৰক্ষীয়ে জনোৱা মতে, অপৰাধ সংঘটিত কৰি অভিযুক্ত জ্ঞানেশ্বৰ ঘটনাস্থলৰ পৰা পলায়ন কৰিছিল যদিও অৱশেষত গ্ৰেপ্তাৰ কৰা হয়।

ঘটনা গাপ দিবলৈ অভিযুক্ত জ্ঞানেশ্বৰে নিজৰ ঘৰৰ দুৱাৰ বন্ধ কৰি পলায়ন কৰিছিল যদিও ঘটনাৰ এদিন পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

Leave A Reply

Your email address will not be published.