ISHAN NEWS – Always One Step Ahead of Time…

পাকিস্তানত প্ৰথমবাৰৰ বাবে সংখ্যালঘু যুৱতীয়ে খেলিব নিৰ্বাচন

0 137

আগন্তুক পাকিস্তান সাধাৰণ নিৰ্বাচনত খাইবাৰ পখতুনখোৱা প্ৰদেশৰ বুনেৰ জিলাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এগৰাকী হিন্দু যুৱতীয়ে। সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা প্ৰাৰ্থী হ’বলৈ গৈ আছে ডাঃ ছাৱিৰা প্ৰকাশ।

এখন আগশাৰীৰ বাতৰি কাকতৰ প্ৰতিবেদন অনুসৰি প্ৰকাশে ২৩ ডিচেম্বৰত পিকে-২৫ৰ সাধাৰণ আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল।

বৰ্তমান জিলাখনৰ পাকিস্তান পিপলছ পাৰ্টিৰ মহিলা শাখাৰ সাধাৰণ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা প্ৰকাশে দলীয় টিকটত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

১৬ সংখ্যক ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য নিৰ্বাচনৰ বাবে অহা বছৰৰ ৮ ফেব্ৰুৱাৰীত পাকিস্তানত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, প্ৰকাশে ২০২২ চনত এবটাবাদ আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে।

“মানৱতাৰ সেৱা কৰাটো মোৰ তেজত আছে”, বুলি এক সাক্ষাতকাৰত উল্লেখ কৰা তেওঁ কয় যে এজন চিকিৎসক হিচাপে চৰকাৰী চিকিৎসালয়ত সন্মুখীন হোৱা বিভিন্ন অসুবিধা তথা সমস্যাৰ বাবেই বিধায়ক হোৱাৰ সপোনৰ উৎপত্তি হৈছে।

প্রকাশে এখন দৈনিক কাকতক দিয়া সাক্ষাতকাৰত কয় যে তেওঁ অঞ্চলটোৰ দৰিদ্ৰ লোকৰ বাবে কাম কৰি দেউতাকৰ পদাংক অনুসৰণ কৰিব বিচাৰে৷

উল্লেখ্য যে, পাকিস্তানৰ নিৰ্বাচন আয়োগে সাধাৰণ আসনৰ বাবে কমেও ৫ শতাংশ মহিলা প্ৰাৰ্থীৰ প্ৰতিনিধিত্বৰ নিৰ্দেশ দিয়ে।

Leave A Reply

Your email address will not be published.