বিজ্ঞাপনৰ নুবুজা সাঁথৰ
সুশীল পাটোৱাৰী
ফোন- 7002118673
বিশ্বাস কৰা হয় যে যীশু খ্ৰীষ্টৰ জন্মৰ ৩ হাজাৰ বছৰ পূৰ্বে ইজিপ্তত হেনো প্ৰথম বিজ্ঞাপন ব্যৱহাৰ হৈছিল। ১৫-১৬ শতিকাত মুদ্ৰন যন্ত্ৰৰ বিকাশৰ লগে লগে বিজ্ঞাপনৰ প্ৰসাৰ হৈছিল। বৰ্তমান সময়ত ৰাজনৈতিক সভাৰ পৰা আৰম্ভ কৰি খোৱা পানীলৈ সকলোৰে বিজ্ঞাপন প্ৰকাশ কৰা হয়। বিজ্ঞাপন অবিহনে প্ৰচাৰ-প্ৰসাৰ সকলো অসাৰ বুলি সকলোৰে বদ্ধমূল ধাৰণা। বিজ্ঞাপন কিয় দিয়া হয় সেই ব্যাখ্যা আজিৰ তাৰিখত নিস্প্ৰয়োজন? গ্ৰাহক বা জনতাৰ মনত বিশ্বাস জন্মাই আকৰ্ষিত কৰাটোৱে বিজ্ঞাপনৰ ধৰ্ম। সেয়ে সাধাৰণতে বিজ্ঞাপনৰ ভাষা, চিত্ৰৰ ব্যৱহাৰ সহজ তথা আকৰ্ষণীয় কৰা হয় যাতে সাধাৰণ জনতা সহজতে ভোল যায়। আজিৰ বিখ্যাত আমেৰিকাৰ কলগেট কোম্পানী ১৯৩৭ চনতে ভাৰতলৈ আহিছিল। সেই সময়ত আমি ভাৰতীয়সকলে এঙাৰ, নিমখ বা নিম গছ আদিৰ ডালেৰে দাঁত মাজিছিল। সেই সময়ত হেনো কলগেট কোম্পানীয়ে ভাৰতীয় সকলে ব্যৱহাৰ কৰা সেইসমূহ সামগ্ৰীক নস্যাত্ কৰি কলগেটে উত্পাদন কৰা দন্ত সামগ্ৰীৰ বিজ্ঞাপন চলাইছিল। বুজাব বিচৰা হৈছিল যে এঙাৰ, নিমখ আদি দাঁতৰ বাবে মাৰাত্মক; দাঁতৰ বাবে উত্কৃষ্ট কলগেটৰ উত্পাদিত সামগ্ৰীহে। কলগেটৰ বিজ্ঞাপনত ভোল গৈ ভাৰতৰ মধ্যবিত্ত, উচ্চবিত্তই চকু মুদি ক্ৰয় কৰিছিল কলগেটৰ সামগ্ৰী। ৭০ৰ দশকলৈ কেৱল বিজ্ঞাপনৰ জোৰত কলগেট দন্ত সামগ্ৰীৰ ক্ষেত্ৰত অপ্ৰতিদ্বন্দ্বী হৈ ৰৈছিল ভাৰত। এতিয়াও আমাৰ সমাজত বহুতৰ বাবে টুথপেষ্ট মানেই কলগেট প্ৰতিযোগিতা বাঢ়ি অহাৰ লগে লগে কলগেট বিজ্ঞাপনৰ ভাষাও সলনি কৰিলে। এতিয়া কলগেটৰ বিজ্ঞাপনত সোধা দেখা যা ‘ক্যা আপকে টুথপেষ্ট মে নমক হে?’ অৰ্থাত্ টুথপেষ্টত নিমখ থাকিলেহে ভাল। টুথপেষ্টত এঙাৰ থকাৰ কথাও বিজ্ঞাপনত প্ৰকাশ কৰা হয়। নামি-দামী তাৰকাই বিজ্ঞাপনত এনেবোৰ কথা কোৱাৰ পিছত আমি পুনৰ কলগেটৰ টুথপেষ্ট কিনো। সেয়াই বিজ্ঞাপন। যিমান আকৰ্ষণীয়কৈ, সহজ ভাষাত বিশ্বাসযোগ্য ব্যক্তিৰে বিজ্ঞাপন প্ৰকাশ কৰা হ’ব সিমানেই জনতা আকৰ্ষিত হ’ব। অৰ্থাত্, বিজ্ঞাপনৰ মূল উদ্দেশ্য হ’ল জনতাক আকৰ্ষিত কৰা। বিশ্বাস জনাবৰ বাবে কোম্পানীসমূহে ডাঙৰ ডাঙৰ তাৰকাক ব্যৱহাৰ কৰে। যদি অমিতাভ বচ্চনৰ দৰে বিয়াগোম তাৰকাই ৰজনীগন্ধা, বিকাজী ভুজিয়া খোৱাৰ বিজ্ঞাপন কৰে আমাৰ দৰে মুৰ্খ জনতাই ধৰি লয় যে অমিতাভেই যদি খায় সেয়া ভালেই হ’ব। তেনেকৈয়ে সেই সামগ্ৰীৰ বিক্ৰী বাঢ়ে, আকৰ্ষণ বাঢ়ে। অৱশ্যে ইয়াৰ মাজত কিছুমান বিজ্ঞাপন নুবুজা সাঁথৰ হৈ থাকে। বলীউডৰ তাৰকা জেকুইলিন ফাৰ্ণাণ্ডেজক লাক্স-কোজি কোম্পানীৰ উত্পাদিত অন্তৰ্বাসৰ ব্ৰেণ্ড এম্বেচাদৰ কৰিলে। লাক্স-কোজি পুৰুষৰ অন্তৰ্বাস এটা লৈ নৃত্য কৰিলে জেকুইলিনে। তাৰ পিছত ক’লে ‘ইয়ে নেহী তো কুচ নেহী’। পুৰুষৰ অন্তৰ্বাসৰ লগত মহিলাৰ কোনো সম্পৰ্ক নাই। সেই অন্তৰ্বাস কিমান উত্কৃষ্ট সেয়া কোনোবা পুৰুষ তাৰকাই বুজাই ক’লে মানি ল’বলৈ ভাল। কৈছে মহিলা এগৰাকীয়ে. তথাপিও যেতিয়া জেকুইলিন ফাৰ্ণাণ্ডেজে কৈছে আমি ধৰি লওঁ ভালেই হ’ব কিজানি! লাক্স-কোজিৰ পুৰুষ অন্তৰ্বাসৰ বাবে জেকুইলিন ফাৰ্ণাণ্ডেজ ব্ৰেণ্ড এম্বেচাদৰ হোৱাৰ লেখিয়া অসমৰ চৰকাৰী বিজ্ঞাপনৰ ক্ষেত্ৰতো কিছু সাদৃশ্য আছে। কেইটামান সৰু উদাহৰণ। চৰকাৰী পৃষ্ঠপোষকতাত গুৱাহাটীত অনুষ্ঠিত কৰিছে দ্বিতীয় আন্তঃৰাষ্ট্রীয় শীতকালীন বাণিজ্য মেলা। উদ্যোক্ত অসম বাণিজ্য উন্নয়ন সংস্থা। সমগ্ৰ গুৱাহাটীত বাণিজ্য মেলাৰ বিজ্ঞাপন। মেলাত কোন কোন অংশগ্ৰহণ কৰিব সেয়া ক’তোৱেই উল্লেখ নাই। মাথোঁ কোনোবা অধ্যক্ষ, উপাধ্যক্ষৰ বৃহত্ বৃহত্ হৰ্ডিং। অৰ্থাত্ মেলাৰ মূল আকৰ্ষণ যেনিবা অধ্যক্ষ, উপাধ্যক্ষহে মেলাত সামগ্ৰী বিক্ৰী হোৱাৰ ক্ষেত্ৰত বা ৰাইজক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত অখ্যাত অধ্যক্ষ, উপাধ্যক্ষৰ ভূমিকা কি? জেকুলিন ফাৰ্ণাণ্ডেজে পুৰুষৰ অন্তৰ্বাসৰ বিজ্ঞাপন কৰাৰ দৰে নহয়নে? এনেবোৰ কথা সাধাৰণ যেন লাগিলেও ইয়াত ৰাইজৰ ধন জড়িত হৈ আছে। অধ্যক্ষ, উপাধ্যক্ষই নিজৰ ফটো চপাই চৰকাৰী অনুষ্ঠানৰ বিজ্ঞাপন কৰাৰ ক্ষেত্ৰত ৰাজহুৱা ধন ব্যৱহাৰ হয়। যদি বাণিজ্য মেলাখন সফল কৰাটোৱে উদ্দেশ্য তেনেহ’লে কোন কোন দেশে সেই মেলাত অংশ ল’ব, কেনে ধৰণৰ সামগ্ৰী তাত উপলব্ধ হ’ব সেইবোৰ তথ্য প্ৰকাশ কৰিব লাগে। এখন আন্তঃৰাষ্ট্রীয় খেল যদি ৰাজ্যত অনুষ্ঠিত হয় সেই খেলত কোনসকল খেলুৱৈৰ আগমন হ’ব সেয়া বিজ্ঞাপনৰ জৰিয়তে প্ৰকাশ কৰিব লাগে। আমাৰ ৰাজ্যত বেডমিণ্টন খেল পাতিলে ফটো থাকে ৰাজনৈতিক নেতাৰ। যেনিবা তেখেতসকলহে আন্তঃৰাষ্ট্রীয় বেডমিণ্টন খেলুৱৈ। গুৱাহাটীত ব্যক্তিগত খণ্ডৰ উদ্যোগত বহুত বিখ্যাত শিল্পীৰ গানৰ অনুষ্ঠান হৈ গৈছে। সেইবোৰত বিজ্ঞাপন প্ৰকাশ কৰা হয়। দৰ্শক-শ্ৰোতাৰ হেতা-ওপৰা লাগে। টকাৰ বিনিময়ত টিকট লাভ কৰে। সফলভাৱে উদযাপিত হয় তেনে অনুষ্ঠান। কিন্তু তেনে সফল অনুষ্ঠানৰ বিজ্ঞাপনতো আমি কাহানিও উদ্যোক্তাসকলৰ ফটো বিচাৰি নাপাওঁ। তেনেস্থলত চৰকাৰী অনুষ্ঠানৰ বিজ্ঞাপনত ৰাজনৈতিক ব্যক্তিৰ ফটো কিয়? যদি আত্মপ্ৰচাৰৰ উদ্দেশ্যই মূল বিষয়। তেনেহ’লে তেনে প্ৰচাৰত ৰাজহুৱা ধন ব্যয় কৰাটো অপৰাধ। যিটো বিষয়ত যাৰ প্ৰয়োজন নাথাকে সেয়া আঁতৰাই ৰখা ভাল। নহ’লে পুৰুষৰ অন্তৰ্বাসৰ বিজ্ঞাপনত মহিলাই কৰিলে যিদৰে দৃষ্টিকটূ হয় একেই পৰিবেশৰ সৃষ্টি হয় তেনেবোৰ কামতো।