ঋণৰ বোজা! এটা পৰিয়ালৰ চাৰিজন সদস্যৰ ভয়ংকৰ কাণ্ডত চাঞ্চল্য
অন্ধ্ৰ প্ৰদেশৰ এনাকাপল্লে জিলাত এটা পৰিয়ালৰ চাৰিজন সদস্যই আত্মহত্যা কৰা ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে পৰিয়ালটোৰ পঞ্চমগৰাকী সদস্যই জীৱন-মৃত্যুৰে যুঁজি আছে।
আৰক্ষীৰ মতে, বৃহস্পতিবাৰে নিশা এজন সোণাৰীয়ে নিজ ঘৰতে পত্নী আৰু তিনিগৰাকী কন্যাৰ সৈতে চাইনাইড সেৱন কৰে।
ঘটনাৰ বিষয়ে জানিব পৰাৰ লগে লগে ওচৰ-চুবুৰীয়াই পৰিয়ালটোৰ আটাই কেইজন সদস্যক চিকিৎসালয়লৈ নিয়াৰ যো-জা চলাই যদিও শিৱ ৰামকৃষ্ণ (৪০), পত্নী মাধৱী (৩৮), কন্যা বৈষ্ণৱী (১৬) আৰু লক্ষ্মী (১৩)ৰ ইতিমধ্যেই মৃত্যু ঘটে।
আনহাতে পৰিয়ালটোৰ কনিষ্ঠ কন্যা কুসুমপ্ৰিয়াক এনাকাপল্লে চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, গুণ্টুৰ জিলাৰ তেনালিৰ বাসিন্দা ৰামকৃষ্ণই ডেৰ বছৰ পূৰ্বে পৰিয়ালৰ সৈতে এনাকাপল্লেলৈ গুচি আহি এখন দোকানত কাম কৰি আছিল।
অত্যধিক ঋণৰ বোজা আৰু দীৰ্ঘদিনৰ পৰাই আৰ্থিক সমস্যাত ভুগি থকা বাবে পৰিয়ালটোৱে এই ভয়ংকৰ পদক্ষেপ লোৱা বুলি সন্দেহ কৰা হৈছে।
ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।