জে,ডি,ইউৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিঙৰ পদত্যাগ
দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ মাজত ইতিমধ্য আৰম্ভ হৈছে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ কুচকাৱাজ । ইয়াৰ মাজতে শেহতীয়াকৈ খবৰ আহিছে জে,ডি,ইউৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিঙে সভাপতি পদৰ পৰা পদত্যাগ কৰিছে । অৱশ্যে লালন সিঙে পদত্যাগ কৰাৰ কাৰণ এতিয়াও প্ৰকাশ কৰা নাই ।
লালন সিঙে ৰাষ্ট্ৰীয় সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ পাছত এতিয়া সভাপতি পদৰ দায়িত্ব গ্ৰহণ কৰিব নীতিশ কুমাৰে। নিতীশ কুমাৰে জে,ডি,ইউৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব লাভ কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পাছতে দিল্লীত আনন্দ উল্লাস প্ৰকাশ কৰে জেডিইউৰ কৰ্মীসকলে। জেডিইউৰ কৰ্মীসকলে কয় , নিতীশ কুমাৰৰ দেশৰ প্ৰধানমন্ত্ৰী হ’ব লাগে।
উল্লেখযোগ্য যে,২০০৩ চনৰ পাছত জনতা দল ইউনাইটেডৰ পঞ্চমজন ৰাষ্ট্ৰীয় সভাপতি হ’ব নীতিশ কুমাৰ। শৰদ যাদৱ ২০১৬ চনলৈকে জেডিইউৰ ৰাষ্ট্ৰীয় সভাপতি আছিল। ইয়াৰ পাছত নীতিশ কুমাৰ ৰাষ্ট্ৰীয় সভাপতি হয়। নীতিশ কুমাৰৰ পাছত আৰ চি পি সিঙক এই দায়িত্ব অৰ্পন কৰা হয় । ইয়াৰ পাছত আৰ, চি, পি সিঙৰ পিছত লালন সিঙক ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিযুক্তি দিয়া হয়।শেহতীয়াকৈ নীতিশ কুমাৰক দ্বিতীয়বাৰৰ বাবে জে,ডি,ইউ,ৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব অৰ্পন কৰা হৈছে।