গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৱ নিৰ্মিত চাৰিলেণ্ডযুক্ত পথৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। টকৌবাৰী, চান্দমাৰী, মিছামাৰী, হেলেম, ঘাহিগাঁও, বৰঙাবাৰীকে আদি কৰি বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হৈছে বহু লোকৰ।
কিছুদিন পূৰ্বে বৰঙাবাৰীত এই একেই স্থানতে এজন লোক নিহত হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আজি অৰ্থাৎ শনিবাৰে আবেলি পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
অচিনাক্ত বাহনৰ খুন্দাত দুৰ্ঘটনাত পতিত হয় গোপালপুৰৰ এহাল স্বামী-স্ত্ৰী। দুৰ্ঘটনাটোৰ ফলত স্বামী তথা মটৰ চাইকেলৰ চালক পতিক হাজৰিকা নামৰ লোকজন থিতাতে নিহত হয়।
আনফালে গুৰুতৰভাৱে আহত পত্নী গৰাকীক গহপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য যে চাৰিলেণ্ডযুক্ত পথ নিৰ্মাণত থকা বিসংগতিৰ বাবেই সঘনাই দুৰ্ঘটনা হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
উত্তেজিত ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। দুৰ্ঘটনাস্থলীত উপস্থিত কৃষি মন্ত্ৰী অতুল বৰাই ঘটনাৰ বুজ লোৱাৰ লগতে উত্তেজিত ৰাইজক ক্ষান্ত কৰাৰ চেষ্টা চলায়।