ISHAN NEWS – Always One Step Ahead of Time…

পাইলটৰ ভুলৰ ভয়ংকৰ পৰিণতিত ৭২ জনৰ মৃত্যু । কি ভুল কৰিলে পাইলটে ?

0 443

২০২৩ বৰ্ষৰ ১৫ জানুৱাৰীত নেপালৰ পোখাৰাত সংঘটিত হৈছিল ভয়ংকৰ বিমান দুৰ্ঘটনা ।য়েটি এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৭২ জন লোকৰ মৃত্যু হয় । এই দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় এবছৰৰ পাছত বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ কাৰণ পোহৰলৈ আহিছে ।দুৰ্ঘটনাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে সবিশেষ তথ্য ।

নেপাল চৰকাৰে গঠন কৰা বিমান দুৰ্ঘটনাৰ তদন্ত কৰা দলটোৱে য়েটি এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাৰ প্ৰতিবেদন প্ৰকাশ কৰিছে।

নেপালৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ২০২৩ বৰ্ষৰ ১৫ জানুৱাৰীত  পোখাৰা অভিমুখে উৰা মাৰিছিল য়েটি এয়াৰলাইন্সৰ বিমানখন। সেইদিনা এই অভিশপ্ত য়েটি এয়াৰলাইন্সৰ বিমানখনৰ সেইটো আছিল তৃতীয়টো উৰণ।এই বিমানখনত  সেইদিনা ৬৮ জন যাত্ৰী আৰু চাৰিজন ক্ৰু মেম্বাৰ আছিল। বিমানখনৰ উৰণ আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে নিয়ন্ত্ৰণ হেৰুৱাই মাটিত খুন্দা মাৰে।

প্ৰতিবেদন মতে, এই দুৰ্ঘটনাত অভিশপ্ত বিমানখনত থকা সকলো লোকৰ মৃত্যু হয়।পাইলটৰ ভুলৰ বাবে সংঘটিত হয় এই শোকাবহ বিমান দুৰ্ঘটনা ।পাইলটে ভুলতে  বিমান খনৰ বিদ্যুৎ কৰ্তন কৰাৰ ফলত বিমানখনত বায়ুৰ গতিবেগত বাধাৰ সৃষ্টি হয়। আৰু পাইলটৰ ভুলৰ বাবে  ৭২ জন লোকক কঢ়িয়াই নিয়া য়েটি এয়াৰলাইন্সৰ বিমানখনে দুৰ্ঘটনাত পতিত হয়।

 ১৫ জানুৱাৰীত নেপালৰ পোখাৰাত য়েটি এয়াৰলাইন্সৰ এ টি আৰ-৭২ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ একাংশ ভাৰতীয়কে ধৰি ৭২ জন লোকৰ মৃত্যু হয়। এই বিমান দুৰ্ঘটনা আছিল নেপালৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বিমান দুৰ্ঘটনা । বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে পাঁচজনীয়া এখন কমিটী গঠন কৰিছিল নেপাল চৰকাৰে ।

Leave A Reply

Your email address will not be published.