ISHAN NEWS – Always One Step Ahead of Time…

মণিপুৰত পুনৰ হিংসা; বন্দুকধাৰীৰ গুলীত মৃত্যু এগৰাকী গাঁওৰক্ষীৰ

0 194

বিগত ৮ মাহ পূৰ্বে মণিপুৰত যি হিংসাৰ জুই জ্বলিছিল সেয়া এতিয়াও নিৰ্বাপন হোৱাৰ নাম লোৱা নাই। ৰাজ্যখনৰ পশ্চিম ইম্ফলৰ কদাংবন্দত শনিবাৰে পুৱা প্ৰায় ৩.৩০ বজাত কোনো অচিনাক্ত দুৰ্বৃত্তই এজন গাঁওৰক্ষীক গুলীয়াই হত্যা কৰে।

দুৰ্বৃত্তৰ গুলীত নিহত হোৱা লোকজনক জেমছবণ্ড নিগামবম বুলি চিনাক্ত কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, গাঁওখনৰ সুৰক্ষাত নিয়োজিত হৈ থকা সময়ত সমীপৰ পাহাৰীয়া অঞ্চলৰ পৰা দুৰ্বৃত্তই চলোৱা গুলীচালনাত জেমছবণ্ডৰ মৃত্যু হয়।

দুৰ্বৃত্তৰ গুলীত নিহত হোৱা জেমছবণ্ডৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, যোৱা ৩ মে’ত মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত আৰম্ভ হৈছিল হিংসা। এই হিংসাত এইপৰ্যন্ত ১৮০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

মণিপুৰৰ মেইটেই সকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বিৰুদ্ধে আৰম্ভ হৈছিল প্ৰতিবাদ। সেই প্ৰতিবাদৰ জুইয়ে থান বান কৰিছে মণিপুৰক। মণিপুৰৰ অশান্ত পৰিস্থিতিৰ আঁৰত অৱশ্যে কেৱল এটা কাৰক নাই। ৰাজনৈতিক, ধৰ্মীয়, সামাজিক আদিৰ উপৰি অনুপ্ৰৱেশো ইয়াৰ এক অন্যতম কাৰণ। ৩ মে’, ২০২৩ ত মণিপুৰত আৰম্ভ হৈছিল হিংসাত্মক পৰিস্থিতিৰ।

Leave A Reply

Your email address will not be published.