মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজিনগৰস্থিত এটা কাৰখানাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।
এই দুৰ্ঘটনা সন্দৰ্ভত তথ্য দি বিষয়াসকলে কয় যে দেওবাৰে পুৱতি নিশা ছত্ৰপতি সম্ভাজিনগৰৰ এটা গ্ল’ভছ (হাত মোজা) নিৰ্মাণ কাৰখানাত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। এই দুৰ্ঘটনাত কমেও ৬ জন লোকৰ মৃত্যু হয়।
ইফালে অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে জনোৱা মতে, নিশা প্ৰায় ২:১৫ বজাত ৱালুজ এম আই ডি চি এলেকাস্থিত কাৰখানাটোত অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই কয়, ‘আমালৈ নিশা ২:১৫ বজাত ফোন আহিছিল। আমি যেতিয়া সেই স্থানত উপস্থিত হওঁ, তেতিয়া সমগ্ৰ কাৰখানাটো জ্বলি আছিল। স্থানীয় লোকে আমাক জনাই যে ভিতৰত ছয়জন লোক আবদ্ধ হৈ আছে। আমাৰ বিষয়াসকলে ভিতৰলৈ সোমাই ছয়জন লোকৰ মৃতদেহ উদ্ধাৰ কৰে’।
শ্ৰমিকসকলে জনোৱা মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত কাৰখানাটো বন্ধ হৈ আছিল আৰু ভিতৰত একাংশ শ্ৰমিক শুই আছিল।
এজন কৰ্মচাৰীয়ে সংবাদসংস্থাক জনোৱা মতে, ‘অগ্নিকাণ্ডৰ সময়ত ১০-১৫ জন কৰ্মচাৰী অট্টালিকাৰ ভিতৰত শুই আছিল। একাংশই কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয়, যদিও ভিতৰত কমেও পাঁচজন আৱদ্ধ হৈ পৰে’।