ISHAN NEWS – Always One Step Ahead of Time…

চৰকাৰী নীতিৰ বাবে কানাডাত খালিস্তানি সমৰ্থকৰ দৌৰাত্ম্য বৃদ্ধিঃ জয়শংকৰ

0 121

কানাডা চৰকাৰৰ নীতিৰ  বাবেই কানাডাত খালিস্তানি সমৰ্থকৰ দৌৰাত্ম্য বৃদ্ধি পাইছে। মঙলবাৰে অৰ্থাত আজি এই অভিযোগ উত্থাপন কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ, জয়শংকৰে। কানাডাৰ ৰাজনীতিক জগৰীয়া কৰি মন্ত্ৰী এছ, জয়শংকৰে কানাডাত দেশখনৰ ৰাজনীতিৰ বাবে  খালিস্তানী সকলে দেশখনত গা কৰি উঠিছে বুলি উল্লেখ কৰাৰ লগতে ভাৰত-কানাডাৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষতিসাধন কৰা কাৰ্য্যকলাপত লিপ্ত হ’বলৈ অনুমতি দিছে।

সংবাদ সংস্থাক দিয়া এক শেহতীয়া সাক্ষাৎকাৰত জয়শংকৰে অভিযোগ কৰে যে, বিগত কেইবছৰমানৰ পৰা কানাডাত বিচ্ছিন্নতাবাদী শক্তিৰ উত্থানৰ ফলত অপৰাধ আৰু হিংসাত্মক ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। ভাৰত চৰকাৰে এই অপৰাধসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত কানাডাক বহু তথ্যৰ জৰিয়তে সহায় কৰাৰ  লগতে দোষীক প্ৰত্যাৰ্পণৰ দাবীও কৰিছে। কিন্তু কানাডাৰ প্ৰশাসনে ৰাজনৈতিক কাৰণত এইবোৰ বিষয়ত কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ।কানাডাত বিচ্ছিন্নতাবাদী সকলে  হিংসাত্মক ঘটনা সংঘটিত কৰিব পৰাকৈ অনুকূল পৰিৱেশ আছে বুলিও মন্তব্য কৰে বৈদেশিক মন্ত্ৰীগৰাকীয়ে। এই প্ৰসংগত এছ, জয়শংকৰে খালিস্তান সমৰ্থকৰ প্ৰতিবাদী কাৰ্যসূচী আৰু কানাডাস্থিত ভাৰতীয় দূতাবাসত আক্ৰমণৰ ঘটনাৰ কথা উল্লেখ কৰে।

যোৱা ছেপ্টেম্বৰ মাহত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কানাডাৰ সংসদত খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজাৰ হত্যাৰ অভিযোগত ভাৰতক লক্ষ্য কৰি লৈছিল। কিন্তু দুসপ্তাহৰ পাছত ট্ৰুডোৱে এইক্ষেত্ৰত নিজৰ সুৰ সলনি কৰি কয় যে,তেওঁ এই বিষয়টোক লৈ নতুন দিল্লীৰ সৈতে সংঘাতৰ পথত আগবাঢ়িব নিবিচাৰে। কিন্তু বৈদেশিক মন্ত্ৰালয়ৰ এক সূত্ৰই কয় যে, নতুন দিল্লীৰ হেঁচাত পৰিলেও ট্ৰুডোৰ বাবে খালিস্তানী সমৰ্থকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাটো কঠিন হ’ব কাৰণ ট্ৰুডোৱে সংখ্যালঘু চৰকাৰক নেতৃত্ব দিছে, সেইখন চৰকাৰৰ স্বাৰ্থত তেওঁক নিউ ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা জগমীত সিঙৰ সমৰ্থনৰ প্ৰয়োজন। জগমীত সিং হৈছে এগৰাকী স্বঘোষিত খালিস্তানী সমৰ্থক। যোৱা অক্টোবৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণ দি জয়শংকৰে সেই পৰিস্থিতিৰ কথা আঙুলিয়াই দি কানাডাত খালিস্তানী সমৰ্থকে সংঘটিত কৰা  হিংসাত্মক ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.