ISHAN NEWS – Always One Step Ahead of Time…

৫ আৰু ৬ জানুৱাৰীত অসমত চকা বন্ধ

0 327

ট্ৰাক চালক সন্থাই দেশজুৰি হিট এণ্ড ৰাণ আইনৰ বিৰোধিতা  কৰি সোমবাৰৰ পৰা আৰম্ভ কৰা তিনিদিনীয়া প্ৰতিবাদী কাৰ্যসূচীয়ে ব্যাপক ৰূপ ধাৰণ কৰিছে ।অসমৰো বিভিন্ন স্থানত মটৰ শ্ৰমিক সংস্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে । অহা ৫ আৰু ৬ জানুৱাৰীত অসমত চকা বন্ধ ঘোষণা কৰিছে অসম মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই ।

ঔপনিৱেশিক যুগৰ অপৰাধমূলক আইন পৰিবৰ্তন কৰি হিট এণ্ড ৰাণ গোচৰত কাৰাদণ্ড  আৰু জৰিমনাৰ পৰিমান  বৃদ্ধি কৰিছে চৰকাৰে । সেয়েহে এই আইনখনৰ বিৰুদ্ধে এতিয়া দেশজুৰি ট্ৰাক চালকে আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। এই নতুন আইন অনুসৰি, এতিয়াৰে পৰা দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা তথা দুৰ্ঘটনাৰ খবৰ নিদিয়া চালকক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহিব । নতুন আইন অনুসৰি দুৰ্ঘটনাত কোনো লোকৰ মৃত্যু হ’লে চালকজনে ৭ বছৰৰ কাৰাবাস খটাৰ লগতে জৰিমণাও ভৰিব লাগিব। যদি অপৰাধীজন পলাই যায় বা ঘটনাটোৰ বিষয়ে তৎক্ষণাৎ নজনাই তেন্তে কাৰাবাসৰ ম্যাদ ১০ বছৰলৈকে বৃদ্ধি হোৱাৰ লগতে ৭ লাখ টকা জৰিমনা ভৰিব লাগিব।

Leave A Reply

Your email address will not be published.