ISHAN NEWS – Always One Step Ahead of Time…

ৰাণৱেত জ্বলি উঠিল বিমান, কথমপি প্ৰাণৰক্ষা ৩৭৯ গৰাকী যাত্ৰীৰ

0 161

ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল ৩৭৯ গৰাকী যাত্ৰী। জাপানৰ ৰাজধানী টকিঅৰ হনেডা বিমানবন্দৰত ভয়ংকৰ ঘটনা। লেণ্ডিঙৰ সময়তে দুখন বিমানৰ মাজত প্ৰচণ্ড খুন্দা। ইয়াৰ পাছতেই দপদপাই জ্বলি উঠিল এখন বিমান। এই ঘটনাৰ পাছতেই বিমানবন্দৰত সৃষ্টি হয় আতংকময় পৰিস্থিতি। বিমানখন জাপান এয়াৰলাইনছৰ  আছিল  যি অৱতৰণৰ পিছত ৰানৱেৰ পৰা টেক্সিৱেলৈ আহিছিল। সেইসময়ত বিমানখনত আছিল ৩৭৯ জন যাত্ৰী। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।

বিমানখন জাপানৰ শিন চিটোজ বিমানবন্দৰৰ পৰা উৰা মাৰিছিল আৰু হানেদাত অৱতৰণ কৰিছিল। বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে সংঘটিত হয় দুৰ্ঘটনাটো। আনহাতে, আনখন বিমান আছিল জাপানৰ উপকূলৰক্ষী বাহিনীৰ। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। কেনেকৈ এই ঘটনা সংঘটিত হল সেয়া এতিয়াও ৰহস্য হৈ আছে।

Leave A Reply

Your email address will not be published.