ISHAN NEWS – Always One Step Ahead of Time…

লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হব CAA ! নাগৰিকত্ব লাভৰ বাবে মোৱাইলতে কৰিব পাৰিব আৱেদন!

0 120

অথলে গল প্ৰতিবাদ! লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হব CAA ! আইন প্ৰণয়ণৰ ৪ বছৰৰ অন্তত CAA কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই। এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ইতিমধ্যে CAA সম্পৰ্কীয় নিয়ম প্ৰণয়ন কৰা হৈছে। বাতৰি অনুসৰি, নাম প্ৰকাশত অনিচ্ছুক এগৰাকী চৰকাৰী জ্যেষ্ঠ বিষয়াই জনাইছে যে CAAৰ অধীনত নাগৰিকত্বৰ বাবে অনলাইনযোগে আৱেদন কৰিব পাৰিব। আমোলাগৰাকীয়ে লগতে জনায় যে ইতিমধ্যে অনলাইন পৰ্টেলও প্ৰস্তুত কৰা হৈছে। তাত আবেদনকাৰীয়ে নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰা বছৰটোহে উল্লেখ কৰিব লাগিব। তেওঁলোকৰ পৰা কোনো নথি-পত্ৰ বিচৰা নহ’ব।আনহাতে, ঘৰত বহিয়েই কোনো নথি পত্ৰ জমা নিদিয়াকৈ মোবাইলতে CAA ৰ বাবে আবেদন কৰিব পাৰিলেও সেই ব্যক্তিৰ দাবীৰ বিষয়টো সংশ্লিষ্ট জিলা প্ৰশাসনে চোৱাচিতা কৰিব। এনে ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জিলা প্ৰশাসনৰ সৈতে যোগাযোগ ৰাখিব।

উল্লেখ্য বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ হিন্দুকে ধৰি ৬টা সংখ্যালঘু জনগোষ্ঠীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে নাগৰিকত্ব সংশোধনী আইনখন প্ৰণয়ন কৰা হৈছিল। সংসদৰ অনুমোদন সাপেক্ষে ২০১৯ চনত প্ৰণয়ন কৰা হৈছিল এই আইন। কিন্তু এই আইনৰ নিয়মাৱলী ইমানদিনে প্ৰস্তুত হোৱা নাছিল। CAAৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ কেইবাটাও প্ৰান্তত হৈছিল আন্দোলন। অসমত হোৱা আন্দোলনত আৰক্ষীৰ সৈতে সংঘাতত ৫ জন লোকে প্ৰাণ হেৰুৱাইছিল।

 

Leave A Reply

Your email address will not be published.