ISHAN NEWS – Always One Step Ahead of Time…

ৰাম মন্দিৰৰ বিশেষ বৈশিষ্ট্যঃ৩৯২টা খুঁটা, ৪৪খন দুৱাৰ আৰু ১৬১ ফুট উচ্চতা

0 137

অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ ৰাজকীয় প্ৰস্তুতি তুংগত উঠিছে। ৰামলালাৰ তিনিটা মূৰ্তিৰ মাজৰ পৰা এটা মূৰ্তি প্ৰতিষ্ঠাৰ বাবে  বাছনি কৰা হৈছে।

ৰাম জনমভূমি ট্ৰাষ্টৰ মতে, “পৰম্পৰাগত নাগাৰা শৈলীত অযোধ্যাৰ তিনি মহলীয়া ৰাম মন্দিৰটো নিৰ্মান কৰা হৈছে আৰু মন্দিৰটোৰ পূব-পশ্চিম অংশৰ দৈৰ্ঘ্য ৩৮০ ফুট, প্ৰস্থ ২৫০ ফুট আৰু উচ্চতা ১৬১ ফুট। নৱ নিৰ্মিত মন্দিৰটোৰ প্ৰতিটো মহলাৰ উচ্চতা ২০ ফুট। মন্দিৰটোত সৰ্বমুঠ  ৩৯২টা খুঁটা আৰু ৪৪খন দুৱাৰ আছে।

৭০ একৰ ভূমিত ৰাম মন্দিৰ

ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সভাপতি চম্পট ৰায়ে জানিবলৈ দিয়া মতে, – “৭০ একৰ ভূমিৰ উত্তৰ অংশত মন্দিৰটো নিৰ্মাণ কৰা হৈছে। তিনি মহলীয়া মন্দিৰটোৰ  তলৰ মহলাৰ নিৰ্মানৰ কাম সম্পূৰ্ণ হৈছে আৰু প্ৰথম মহলা নিৰ্মাণৰ কাম চলি আছে।”

তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে সদৰি কৰা মতে, ৰাম মন্দিৰত নৃত্য, ৰং, সমাবেশ, প্ৰাৰ্থনা আৰু কীৰ্ত্তন মণ্ডপৰ ৰূপত পাঁচটা মণ্ডপ নিৰ্মাণ থাকিব। মন্দিৰৰ মূল গৃহত উপস্থিত হ’বলৈ ৩২ টা  চিৰিৰে আগুৱাব লাগিব। মন্দিৰৰ চাৰিওফালে নিৰ্মান কৰা হৈছে আয়তাকাৰ বেৰ, যাৰ দৈৰ্ঘ্য ৭৩২ মিটাৰ আৰু প্ৰস্থ ১৪ ফুট।

ভগৱান সূৰ্য, মা ভাগৱতী, গণপতি আৰু ভগৱান শিৱৰ লগতে ৰাম মন্দিৰৰ উদ্যানৰ চাৰিওফালে বাল্মিকী, বশিষ্ঠ, বিশ্বামিত্ৰ, অগস্ত্য, নিষদৰাজ, মাতা ছাবাৰী আৰু দেৱী অহল্যাৰ মন্দিৰো থাকিব।

Leave A Reply

Your email address will not be published.