ISHAN NEWS – Always One Step Ahead of Time…

গড়ালৰ বাঘ, পঁচা মাংস আৰু বুদ্ধিজীৱী । ISHAN NEWS…

0 260

লফাৰ শেহতীয়া চুক্তিক লৈ ৰাজ্যজুৰি বিশেষ চৰ্চা অব্যাহত আছে। শাসক পক্ষক বাদ দি অসমৰ দল-সংগঠন, জনতা সকলোৱে কটূ সমালোচনা কৰিছে আলফাক। প্ৰায় সকলোৰে এটাই প্ৰশ্ন দহ হেজাৰৰ অধিক লোকৰ প্ৰাণৰ বিনিময়ত এইখনেই চুক্তি নেকি? এনে চুক্তি কৰিবলৈহে আলফাৰ জন্ম হৈছিল নেকি? এনেবোৰ প্ৰশ্নৰ বিপৰীতে আমাৰ ব্যক্তিগত মত এয়ে যে অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ দ্বাৰা কেন্দ্ৰৰ সৈতে হোৱা এই চুক্তিত আমি সন্তোষ পাইছো। সন্তোষ এইখিনিতেই যে অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, শশ চৌধুৰী জাতীয় লোকেৰে গঠিত এটা গোটেৰে কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰি অসমৰ বাবে প্ৰায় ডেৰ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজ লৈ আহিছে। লগত আছে আৰু বহু প্ৰকল্পৰ প্ৰস্তাৱ। আলফাৰ এই চুক্তিক লৈ পূৰ্বাভাৱ কাৰো নাছিলো। চুক্তিত কি কি বিষয় সন্নিৱিষ্ট থাকিব লাগিব সেই সন্দৰ্ভতো অসমত ৰাইজ নীৰৱ আছিল। অৰ্থাত্‍ চুক্তিক কেন্দ্ৰ কৰি অসমবাসীৰ কোনো আগ্ৰহ আগতীয়াকৈ প্ৰকাশ পোৱা নাছিল। সেই যুক্তিতে ক’ব পাৰি চুক্তিয়ে অসমক যি দিছে সেই লৈ অসন্তোষ কৰাৰ কাৰণ নাই। এয়া অৰবিন্দ ৰাজখোৱাৰ দৰে নেতা সকলে মানকেই বা নামানক এয়া স্পষ্ট যে আজিৰ প্ৰজন্মৰ সৰহখিনিয়েই তেওঁলোকক চিনি নাপায়। যিসকলে তেওঁলোকক জানে সেইসকলৰ গৰিষ্ঠ সংখ্যকৰ মনত তেওঁলোকৰ প্ৰতি তিলমানো আস্থা নাই। ৰাজখোৱা, চেতিয়া আদি আলফা নেতাই এয়া হয়তো উপলব্ধি কৰে যে ৰাইজৰ দ্বাৰা গুৰুত্বহীন হৈ পৰা তেওঁলোক চৰকাৰৰ দ্বাৰা উপেক্ষিত হ’লেও তেওঁলোকৰ কৰিব লগা একো নাই। গড়ালৰ ভিতৰত থকা বাঘক পঁচি যোৱা ছাগলীৰ মাংস দিলেও খাবলৈ বাধ্য। যদি বাঘে হৰিণৰ মাংস নিদিলে নাখাওঁ বুলি ঠেহ পাতি থাকে বাঘৰে মৰণ। তেনে পৰিস্থিতিত বন্দী বাঘক মৰমতে যদি কোনোবাই সতেজ ছাগলীৰ মাংস দিছে সেয়া বাঘৰ ভাগ্য। আলফা নেতৃত্বৰে আলোচনা কৰি কেন্দ্ৰই যি দিলে সেয়া যথেষ্ট নহ’লেও কম নহয়। যথেষ্টৰ সীমা নাই। কি দিলে সন্তুষ্ট হ’ব তাৰ ব্যাখ্যা নাই।

আমাৰ বিবেচনাত কেন্দ্ৰৰ এই পেকেজ বন্দী বাঘে গড়ালত হৰিণ নাপালেও সতেজ ছাগলী পোৱাৰ দৰে। আলফাৰ এই ত্ৰিপাক্ষিক চুক্তিকখনক লৈ ড০ হীৰেন গোহাঁইৰ পৰা আদি কৰি বহু মুধাফুটা লোকে সমালোচনা কৰিছে। কোনো সন্তুষ্ট নহয়। আলফা, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ এই চুক্তি হঠাতে হোৱা চুক্তি নহয়। বছৰ বছৰ ধৰি শান্তি আলোচনাৰ কথা চলি আছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰে কেইবাবাৰো মিলিত হৈছে আলফা নেতৃত্ব। সেইসকলৰ কথা অসমৰ সাধাৰণ জনতা, বুদ্ধিজীৱীসকলে দেখি আহিছে। সকলোৱে জানে যে শান্তি আলোচনা মানেই এখন বুজাপৰাৰ চুক্তি। এয়াও স্পষ্ট যে কেন্দ্ৰীয় চৰকাৰে স্বাধীন অসম সন্দৰ্ভত কোনো কাৰণত আলোচনা নকৰে। তেনেস্থলত আলোচনাৰ মূল বিষয়বোৰে হ’ব অৰ্থনৈতিক পেকেজ, ৰাজ্যৰ সুৰক্ষা আদি। সাধাৰণ জনতাই নাজানিলেও অসমৰ বুদ্ধিজীৱী সকলৰ এই দিশবোৰ সন্দৰ্ভত স্পষ্ট ধাৰণা আছে। এনেবোৰ ধাৰণা নাথাকিলে তেখেতসকলে বুদ্ধিজীৱীৰ অৰ্হতাও হেৰুৱাই পেলাব। সেইসকল বুদ্ধিজীৱীলৈ প্ৰশ্ন এইখিনিত যে কেন্দ্ৰীয় চৰকাৰৰে আলোচনাত আলফাই কি কি বিষয়ত গুৰুত্ব দিব লাগিব, কোনবোৰ বিষয় আকোৰগোজভাৱে ধৰি থাকিব সেইবোৰ বিষয়ত পৰামৰ্শ দিছিলনে? ক’ৰবাত লিখা-মেলা কৰিছিলনে? হয়তো বুদ্ধিজীৱীসকলে ক’ব আলফাই তেওঁলোকৰ পৰামৰ্শ বিচৰা নাছিল। নিবিচাৰিব পাৰে। কিন্তু বুদ্ধিজীৱীয়ে কাকতে-পত্ৰই লিখা-মেলা কৰি সেই বিষয়বোৰ ৰাইজ, আলফাৰ দৃষ্টি গোচৰ কৰিব লাগিছিল। কাৰণ অসমৰ স্বাথৰ্ৰ বিষয়তো মুষ্টিমেয় কেইজনমান আলফা নেতাৰ ব্যক্তিগত বিষয় নহয়। চুক্তিৰ পূৰ্বে যিহেতু অসমৰ ৰাইজেই হওক বা বুদ্ধিজীৱীয়েই হওক নিজৰ জাতীয় দায়ৱদ্ধতা প্ৰদৰ্শন নকৰিলে, সেয়ে চৰকাৰে আলফাক কণা হাঁহক পতান দিয়াৰ দৰে যি কিছু দিছে তাত সকলো সন্তুষ্ট হ’বই লাগিব। পৰেশ বৰুৱা এই পৰ্যন্ত আলোচনাত আগ্ৰহ প্ৰকাশ কৰা নাই। কিন্তু ৰাজ্যৰ জনতাই বিচাৰে পৰেশ বৰুৱা আলোচনাত বহক।

যদি পৰেশ বৰুৱাই অদূৰ ভৱিষ্যতে আলোচনাত বহিব খোজে কি বিষয়ক লৈ আলোচনাত বহিব? অসমৰ বুদ্ধিজীৱীৰ হাতত পৰেশ বৰুৱাক পৰামৰ্শ দিব পৰাকৈ কিবা তালিকা প্ৰস্তুত আছেনে? নে অসমৰ ভৱিষ্যতৰ দিক্ নিৰ্ণয় কৰিবলৈ পৰেশ বৰুৱাকে এৰি দিব? পৰেশ বৰুৱা নহা পৰ্যন্ত আলফা সমস্যা শেষ নহয়। গতিকে কেন্দ্ৰৰে দ্বিতীয় এখন আলফাৰ আলোচনাৰ অৱকাশ আছে। তেনেস্থলত দ্বিতীয় চুক্তি এখনৰো অৱকাশ আছে। আজি যিসকলে আলফাৰ শেহতীয়া চুক্তিক লৈ সমালোচনা কৰি আছে, তেখেতসকলে সম্ভাব্য দ্বিতীয় শান্তি চুক্তি সন্দৰ্ভত আলোচনা কৰক। অসমে কেন্দ্ৰৰ পৰা কি দাবী কৰিব লাগে, অসমৰ কি প্ৰাপ্য সকলো দিশ খৰচি মাৰি পৰেশ বৰুৱা-চৰকাৰক পৰামৰ্শ আগবঢ়াওক। জনমত সৃষ্টি কৰক। তেতিয়াহে হয়তো পানী নসৰকা দ্বিতীয় এখন চুক্তি হোৱাৰ সম্ভাৱনা আছে। অন্যথা চুক্তি হৈ যোৱাৰ পিছত হায়ৈ বিয়ৈ কৰি লাভ নহ’ব।

***

Leave A Reply

Your email address will not be published.