ISHAN NEWS – Always One Step Ahead of Time…

তৃণমূলৰ নেতাৰ ঘৰত অভিযান চলাবলৈ যোৱা ED-ৰ দলক আক্ৰমণ

0 112

পশ্চিম বংগত সংঘটিত হৈছে এক অবাঞ্চিত ঘটনা। ৰেচন কেলেংকাৰিৰ অভিযোগত তৃণমূল কংগ্ৰেছৰ নেতাৰ ঘৰত অভিযান চলাবলৈ যোৱা প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)ৰ এটা দলক ২০০ ৰো অধিক লোকে আক্ৰমণ কৰিছে।

অভিযানকাৰী দলটোৱে জনোৱা অনুসৰি, আক্ৰমণৰ ঘটনাটো উত্তৰ ২৪ পৰগনাৰ সন্দেশকলী গাঁৱৰ সমীপত সংঘটিত হৈছে। অভিযানকাৰী দলটোৰ গাড়ী লণ্ডভণ্ড কৰাৰ লগতে দুগৰাকী বিষয়াও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে ঘটনাস্থলত নিৰাপত্তাৰক্ষী দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

জানিব পৰা মতে, বোনগাঁও পৌৰসভাৰ প্ৰাক্তন অধ্যক্ষ শংকৰ আধ্যা আৰু তৃণমূলৰ নেতা শ্বেখ শ্বাহজাহানৰ ঘৰত অভিযান চলাবলৈ ইডিৰ দলটো গৈছিল। কিন্তু আদবাটতে ইডিৰ দলটো আক্ৰমণৰ সন্মুখীন হোৱাত অভিযান বন্ধ ৰাখে।

শ্বেখ শ্বাহজাহান উত্তৰ ২৪ পৰগনা জিলা পৰিষদৰ মীন আৰু পশু সম্পদ বিষয়াৰ লগতে ১ নং সন্দেশখালীৰ ব্লক সভাপতি।

ইডিৰ বিষয়া আহি পোৱাৰ লগে লগে তৃণমূল কংগ্ৰেছ নেতাজনৰ সমৰ্থকসকলে নেতাজনৰ বাসগৃহৰ বাহিৰত সমবেত হৈ অভিযানকাৰী দলটোৰ গাড়ী ভাঙি লণ্ডভণ্ড কৰে।

অভিযান চলাবলৈ যোৱা ইডি দলৰ এজন সদস্যই আগশাৰীৰ এটা সংবাদ সংস্থাৰ আগত কয়, ‘আঠজন লোক সেই স্থানলৈ আহিছিল। আমাৰ তিনিজনে সেই স্থান ত্যাগ কৰিছিল…২০০ৰো অধিক লোকে আমাক আক্ৰমণ কৰিছিল’।

এই আক্ৰমণত দুজন বিষয়া আহত হোৱা বুলি জানিব পৰা গৈছে।

ইফালে এই ঘটনাৰ পিছতে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰিছে বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে। ৰাজ্যৰ আইন শৃংখলা শোচনীয় বুলি মন্তব্য কৰি এই ঘটনাৰ ৰাষ্ট্ৰীয় এজেন্সিৰ দ্বাৰা তদন্তৰ দাবী তোলে বিজেপি নেতাগৰাকীয়ে।

Leave A Reply

Your email address will not be published.