ISHAN NEWS – Always One Step Ahead of Time…

গাড়ী চালকৰ ৪৮ ঘণ্টীয়া কৰ্মবিৰতিত স্তব্ধ পৰিবহণ ব্যৱস্থা

0 236

ডিব্ৰুগড়ত বন্ধ  নমনা  চালকক ৰাজপথত আঁঠু কঢ়ালে প্ৰতিবাদকাৰীয়ে

অসম মটৰ শ্ৰমিক ইউনিয়ন আৰু পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ৰ কৰ্মবিৰতিৰ ফলত আজি স্তব্ধ হৈ পৰিছে ৰাজ্যৰ পৰিবহণ ব্যৱস্থা। অসম আৰু উত্তৰ-পূবত ৪৮ ঘণ্টাৰ বাবে এই কৰ্মবিৰতি ঘোষণা কৰা হৈছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বন্ধৰ সময়ছোৱাত একাংশ গাড়ীচালক আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ডযুদ্ধ সৃষ্টি হয় । ডিব্ৰুগড়ত চালকসকলৰ প্ৰতিবাদৰ মাজতে উত্তপ্ত পৰিস্থিতি উদ্ভৱ হয় ।বন্ধৰ সময়ছোৱাত যি সকল চালকে গাড়ী চলাইছিল তেনে চালকক ৰাজপথত আঁঠু কঢ়াই প্ৰতিবাদকাৰীয়ে ।পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা বন্ধৰ সময়ছোৱাত মহানগৰীত যাত্ৰীবাহী বাছৰ চলাচলৰ লগতে অ’লা-উবেৰৰ চলাচলো বন্ধ হৈ পৰিছে ।অৱশ্যে জৰুৰীকালীন সেৱাৰ সকলো যান-বাহনৰ চলাচল অব্যাহত আছে । খোলা আছে ৰাজ্যৰ পেট্ৰ’ল পাম্পসমূহ।

আজি পৰিবহণ বিভাগৰ সৈতে বৈঠকত বহিব মটৰ শ্ৰমিক ইউনিয়ন। ইফালে ৰাজ্যৰ পৰিৱহন আয়ুক্ত অংকুৰ জৈনে কয় যে, নতুন আইনখনক লৈ কেন্দ্ৰীয় গৃহ সচিবে সকলো সংগঠনৰ সৈতে বিষয়টো আলোচনাৰ প্ৰস্তাৱ দিছে ।এইক্ষেত্ৰত সকলো সংগঠনৰে মতামত লোৱা হ’ব । অসম চৰকাৰক সংগঠনসমূহে আজিৰ পৰা আৰম্ভ কৰা কৰ্মবিৰতিৰ কথা অৱগত কৰোৱা নাছিল ।প্ৰতিবাদৰ ফলত আজি ৰাইজৰ হাৰাশাস্তি হৈছে । চালক সকলক দাবীসমূহ লিখিত ৰূপত দিবলৈকোৱা হৈছে ।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ নতুন আইন ভাৰতীয় ন্যায় সংহিতা-২০২৩ৰ অধীনৰ হিট এণ্ড ৰান গোচৰৰ বিৰোধিতা কৰি আজিৰ পৰা ৪৮ ঘণ্টাৰ বাবে   প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে  চালক সকলে ।

Leave A Reply

Your email address will not be published.