ISHAN NEWS – Always One Step Ahead of Time…

দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালক ৰাজ্যসভালৈ পঠিয়াব AAP-এ

0 122

ৰাজনীতিৰ পথাৰত খোজ দিবলৈ সাজু হৈছে দিল্লী মহিলা আয়োগৰ বৰ্তমানৰ অধ্যক্ষা স্বাতী মালিৱাল। আম আদমি পাৰ্টিয়ে মহিলা নেত্ৰীগৰাকীক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সুশীল কুমাৰ গুপ্তাৰ ঠাইত স্বাতী মালিৱালক ৰাজ্যসভালৈ প্ৰেৰণ কৰিব দলটোৱে।

প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সদস্য হ’ব স্বাতী মালিৱাল। একে সময়তে দলটোৱে বৰ্তমানৰ ৰাজ্যসভাৰ সদস্য সঞ্জয় সিং আৰু এন ডি গুপ্তাকো পুনৰ ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।

আম আদমি পাৰ্টিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিয়ে এই সিদ্ধান্তত অনুমোদন জনাইছে। পুনৰবাৰ ৰাজ্যসভাৰ সদস্য হ’বলৈ সঞ্জয় সিঙে দিল্লীৰ ৰাউজ এভিনিউ আদালতত ইয়াৰ সৈতে জড়িত নথি-পত্ৰত স্বাক্ষৰ কৰাৰ অনুমতি বিচাৰিছিল আৰু আদালতে অনুমতি প্ৰদান কৰে।

ইযাৰ পিছতে তেওঁ পুনৰবাৰ ৰাজ্যসভাৰ সাংসদ হোৱাৰ পথ সুনিশ্চিত হয়। 

উল্লেখ্য যে, দিল্লীৰ পৰা খালী হৈছে ৰাজ্যসভাৰ তিনিখন আসন। ১৯ জানুৱাৰিত হ’বলগীয়া নিৰ্বাচনত এই তিনিখন আসনৰ বাবে সম্প্ৰতি দিল্লী আবকাৰী নীতি কেলেংকাৰী গোচৰত জেইলত বন্দী হৈ থকা সাংসদ সঞ্জয় সিং, স্বাতী মালিৱাল আৰু এন ডি গুপ্তাৰ নাম ঠিৰাং কৰিছে। 

ইফালে হাৰিয়ানাত আপৰ সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাৰ ইচ্ছা প্ৰকাশ কৰাৰ বাবেই সুশীল কুমাৰ গুপ্তাক দ্বিতীয়বাৰৰ বাবে ৰাজ্যসভালৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈছে দলে।

Leave A Reply

Your email address will not be published.