ISHAN NEWS – Always One Step Ahead of Time…

নিৰ্বাচনৰ প্ৰস্তুতি; ৭ জানুৱাৰিৰ পৰা ৰাজ্যসমূহ ভ্ৰমণ কৰিব নিৰ্বাচন আয়োগে

0 119

অহা সপ্তাহত অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু ভ্ৰমণৰ জৰিয়তে লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যসমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা আৰম্ভ কৰিব নিৰ্বাচন আয়োগে।

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত আয়োগৰ বিষয়াসকল অহা ৭ৰ পৰা ১০ জানুৱাৰিৰ ভিতৰত অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত থাকিব।

মুখ্য নিৰ্বাচন আয়ুক্তৰ লগতে নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোয়েলো থাকিব।

এই ভ্ৰমণৰ পূৰ্বে উপ-নিৰ্বাচন আয়ুক্তই অহা ৬ জানুৱাৰিত দুয়োখন ৰাজ্যৰ প্ৰস্তুতিৰ বিষয়ে আয়োগক অৱগত কৰিব। উপ-নিৰ্বাচন আয়ুক্তসকলে প্ৰায় সকলো ৰাজ্য ভ্ৰমণ কৰি লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি নিৰীক্ষণ কৰিছে।

উল্লেখ্য যে, নিৰ্বাচন আয়োগে বিধানসভা বা লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যসমূহ ভ্ৰমণ কৰি ৰাজনৈতিক দল, আৰক্ষী আৰু প্ৰশাসনিক জ্যেষ্ঠ বিষয়া তথা নিৰ্বাচনত জড়িত সকলো স্তৰৰ লোককে সাক্ষাৎ কৰে।

নিৰ্বাচন আয়োগে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ভ্ৰমণ কৰিব নে নকৰে সেয়া এতিয়াও নিশ্চিত হোৱা নাই। শেহতীয়াকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহ ভ্ৰমণ কৰিব নোৱাৰে আয়োগে।

উল্লেখ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ তাৰিখ ১০ মাৰ্চত ঘোষণা কৰা হৈছিল আৰু ১১ এপ্ৰিলৰ পৰা ১৯ মে’লৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। ২৩ মে’ত ভোটগণনা কৰা হৈছিল।

Leave A Reply

Your email address will not be published.