ISHAN NEWS – Always One Step Ahead of Time…

প্ৰবীণ সাংবাদিক যদু কাকতিৰ দেহাৱসান

0 127

নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

শুকুৰবাৰে ৰাজ্যৰ প্ৰবীণ সাংবাদিক যদু কাকতিয়ে  GMCH ত  শেষ নিশ্বাস ত্যাগ কৰে । বাৰ্দ্ধক্যজনিত অসুস্থতাৰ বাবে যোৱা ৮ ডিচেম্বৰৰ পৰা GMCH ত চিকিতসাধীন হৈ থকা যদু কাকতিৰ মৃত্যুৰ সময়ত বয়স আছিল ৯২ বছৰ ।

১৯৬৬ চনত অসম বাতৰিৰ জৰিয়তে সংবাদ জগতত খোজ পেলোৱা যদু কাকতি বহু কেইখন দৈনিক, সাপ্তাহিক আৰু তিনিদিনীয়া দৈনিক অগ্ৰদূতৰ সৈতে জৰিত হৈ আছিল ।

২০২০ বৰ্ষৰ গণৰাজ্য দিৱসত ৰাজ্য চৰকাৰৰ সাংবাদিকতা বঁটা লাভ কৰা যদু কাকতি ৬০ ৰ দশকতে শিৱসাগৰৰ নামতিৰ পৰা শিক্ষকতাৰ বৃত্তি এৰি আহি গুৱাহাটীত সংবাদ সেৱাৰ সৈতে জৰিত হৈ পৰিছিল । 

আজি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত বিশিষ্ট সাংবাদিক যদু কাকতিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় ।নৱগ্ৰহ শ্মশানত বিশিষ্ট সাংবাদিক যদু কাকতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰি মন্ত্ৰী অতুল বৰাই কয়,

কাকতি ডাঙৰীয়াৰ দেহাৱসান আমাৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। অসমৰ সংবাদ ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়াই যোৱা অনৱদ্য অৱদান সদায় স্মৰণীয় হৈ ৰ’ব।

Leave A Reply

Your email address will not be published.