ISHAN NEWS – Always One Step Ahead of Time…

লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰত সক্ৰিয় ED

0 98

লোকসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ মহাৰাষ্ট্ৰত সক্ৰিয় হৈ পৰিছে ই,ডি।এইবাৰ ই,ডি য়ে  লক্ষ্য কৰি লৈছে এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ নাতি তথা দলীয় বিধায়ক ৰোহিত ৰাজেন্দ্ৰ পাৱাৰক। শুকুৰবাৰে বিয়লিৰ পৰা পুনে, ঔৰংগাবাদ, বাৰামাটি আৰু অমৰাৱতীস্থিত ৰোহিতৰ মালিকানাধীন বাৰামাটি এগ্ৰ’ লিমিটেডৰ ছটা কাৰ্যালয়ত তালাচী চলায়।

এন চি পিৰ যুৱ নেতাগৰাকীয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে অবিৰতভাৱে ৰাজ্য ভ্ৰমণ কৰি এন চি পিৰ শাৰদ গোটটোক ক্ৰমান্বয়ে একত্ৰিত কৰাৰ চেষ্টা চলাই আছিল।এনে সময়ত ই,ডি য়ে ৰোহিতৰ ছটাকৈ কাৰ্যালয়ত তালাচী চলোৱা ঘটনা ব্যাপক ৰূপত চৰ্চা হৈছে ।

ইফালে মহাৰাষ্ট্ৰৰ একাংশ সমবায় সমিতিৰ আৰ্থিক জালিয়াতিৰ সৈতে জড়িত গোচৰৰ বাবেই এই অভিযান চলোৱা বুলি দাবী কৰিছে ই,ডি য়ে। ২০১৯ চনৰ আগষ্ট মাহত মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই এটা গোচৰ ৰুজু কৰিছিল। ইয়াৰ পাছতে বোম্বে উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্ৰৰ একাংশ সমবায় সমিতিৰ চেনি কাৰখানাৰ অবৈধ বিক্ৰীৰ অভিযোগৰ তদন্তৰ নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে ইডিয়ে এই গোচৰৰ তদন্তৰ দায়িত্ব লয়।

২০১৭ চনত এন চি পিৰ টিকটত মহাৰাষ্ট্ৰ জিলা পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ৰোহিতে আৰম্ভ কৰিছিল ৰাজনৈতিক যাত্ৰা । ২০১৯ চনত মহাৰাষ্ট্ৰৰ বিধানসভা  নিৰ্বাচনত আহমেদনগৰ জিলাৰ কাৰ্জাট-জামখেদ বিধানসভা সমষ্টিৰ আসনৰ পৰা নিৰ্বাচিত হৈছিল ৰোহিত ।পশ্চিম মহাৰাষ্ট্ৰৰ এন চি পি সংগঠনৰ দায়িত্বতো আছিল ৰোহিত।

Leave A Reply

Your email address will not be published.