সাংবাদিক সকল কিয় মন্দিৰৰ ঘণ্টা হৈ পৰে ?
সুশীল পাটোৱাৰী
ফোন নং- ৭০০২১১৮৬৭৩
ৰাজ্যত সাংবাদিকক আক্ৰমণৰ ঘটনা এতিয়া তেনেই সাধাৰণ হৈ পৰিছে। সাধাৰণ জনতাৰ পৰা প্ৰশাসনিক বিষয়ালৈ মন্দিৰৰ ঘণ্টাৰ দৰে সকলোৱে সাংবাদিকক ব্যৱহাৰ কৰে। ৰাজনৈতিক নেতাই তুচ্ছ-তাচ্ছিল্য কৰি সমাজত বহুৱা সাজে সাংবাদিকক। এনেবোৰ কামৰ বাবে আমি সাংবাদিকবোৰ ঘাইকৈ জগৰীয়া। সমগ্ৰ সাংবাদিক সমূহীয়াভাৱে জগৰীয়া হৈ পৰে, একাংশ সাংবাদিক নামধাৰীৰ বাবে। ৰাজনৈতিক নেতা, প্ৰশাসনিক বিষয়া, আৰক্ষী আদিক ওচৰত পালেই এনে সাংবাদিকৰ কৱচ পিন্ধাসকলে ছাৰেই বুলিমনে, প্ৰভুৱে বুলিম অৱস্থা হয়। সুবিধা পালেই ফটো এখন উঠি ফেচবুকত দিবলৈ নাপাহৰে তেওঁলোকে। বিহু-পূজা আগমুহূৰ্তত সেইসকল মন্ত্ৰী-বিধায়ক, বিষয়াৰ ঘৰত নমতা অতিথি হৈ উপস্থিত হয়। এয়া বাস্তৱ। এনেবোৰ সাংবাদিকৰ এনে চৰিত্ৰ আৱিষ্কাৰ কৰি মন্ত্ৰীয়েই হওক, আৰক্ষী বিষয়াই হওক সকলো সাংবাদিকক একেটা বৃত্ততে সাঙুৰি লয়। আৰু তাৰ পিছত শিকলি লগোৱা কুকুৰৰ দৰে ব্যৱহাৰ কৰে সাংবাদিকক। সেয়ে কোনোবা নিৰ্দোষী সাংবাদিকৰ বিৰুদ্ধে হোৱা যিকোনো চৰকাৰী আক্ৰমণৰ বিৰুদ্ধে সাংবাদিকে একত্ৰিতভাৱে যুঁজ দিব নোৱাৰে। নগাঁৱৰ সাংবাদিক নিগ্ৰহৰ কাণ্ডই হওক বা কোনোবা জকাইচুকৰ সাংবাদিকৰ ক্ষেত্ৰতে হওক নীতি সকলোতে একে। এটা উদাহৰণৰে কথাষাৰ বুজাই দিলে ৰাইজৰ বিষয়টো স্পষ্ট হ’ব। কিন্তু এইখিনিতে মই স্পষ্ট কৰি থওঁ যে, মই যি উদাহৰণ দিব বিচাৰিছো তাৰ জৰিয়তে কোনো ব্যক্তিক শুদ্ধ বা অশুদ্ধ বুলি প্ৰতিষ্ঠা কৰাটো মোৰ উদ্দেশ্য নহয়। মই মাথোঁ ক’ব বিচাৰিছো সাংবাদিকক সকলোৱে ছফ্ট টাৰ্গেট হিচাপে কেনেকৈ গ্ৰহণ কৰিব পাৰে। ছয়গাঁও বিধানসভা সমষ্টিৰ গৰৈমাৰী অঞ্চলৰ এটা ঘটনা। অঞ্চলটোৰ দুজন ব্যক্তিক আৰক্ষীয়ে কিবা এক অপৰাধ সংক্ৰান্তিয় বিষয়ত গ্ৰেপ্তাৰ কৰিলে। অঞ্চলটোৰ এজন স্থানীয় সাংবাদিকে বিষয়টো গম পাই থানালৈ গ’ল। সম্ভৱত গ্ৰেপ্তাৰবৰণ কৰা ব্যক্তি দুজন সাংবাদিকজনৰ চিনাকি। লকআপত থকা আচামীৰে সাংবাদিকে বাৰ্তালাপ কৰিলে, যিটো বেআইনী। কিন্তু সাধাৰণতে দেখা যায় আৰক্ষী-সাংবাদিকৰ চিনাকিসূত্ৰে এনে বেআইনী কাম বহু সাংবাদিকে কৰে। গৰৈমাৰীৰ প্ৰেছ ক্লাৱৰ সদস্যৰ মতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকী জুৱাৰ এক ঘটনাক কেন্দ্ৰ কৰি সেই বিশেষ সাংবাদিকজনৰ ওপৰত নাৰাজ। সেয়ে পোতক লোৱাৰ উদ্দেশ্যে সুবিধা বুজি সাংবাদিকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ভাৰপ্ৰাপ্ত আৰক্ষীয়ে সকলোকে গ্ৰেপ্তাৰৰ যুক্তি সেই বুলিয়েই দিলে সকলো পক্ষক। এয়া স্থানীয় সাংবাদিকসকলে কোৱা কথা। সঁচা-মিছা আৰক্ষী আৰু অভিযুক্তই জানিব। কাণ্ডটো সংঘটিত হৈছিল ৩ জানুৱাৰীত। কিন্তু পিছদিনাখন অভিযোগৰ ধাৰা সলনি হ’ল। অৰ্থাত্ ৪ জানুৱাৰীত থানাৰ এজন গৃহৰক্ষী বাহিনীৰ জোৱানে গোচৰ দিলে যে থানাৰ ভিতৰত কৰ্তব্যৰত অৱস্থাত তেওঁক সাংবাদিকজনে মাৰধৰ কৰি গুৰুতৰভাৱে জখম কৰিছে লগতে ভয়-ভাবুকি দিছে সাংবাদিকজনে। এনেকৈ মাৰপিট কৰি সাংবাদিকজনে লকআপৰ আচামীৰ সৈতে কথা-বাৰ্তা পাতিছে। গৃহৰক্ষী বাহিনীৰ জোৱানজনৰ এনে লিখিত অভিযোগ পোৱাৰ পিছত থানাই গোচৰ লৈ সাংবাদিকজনক গ্ৰেপ্তাৰ কৰিলে। কৰ্তব্যৰ সময়ত আৰক্ষীক মাৰপিট তথা চৰকাৰী কামত বাধা দিয়াৰ হেতুকে সাংবাদিকজনক জামিনবিহীন ৩৫৩ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। কোন সঁচা কোন মিছা ক’বলৈ নাযাওঁ। কিন্তু অতি দৃষ্টিকটূ বিষয় কেইটামান চাওক। গৃহৰক্ষী জোৱানে থানাত এজাহাৰ দিলে ৪ জানুৱাৰীত। আৰু আৰক্ষীয়ে গৃহৰক্ষী জোৱানৰ অভিযোগৰ ভিত্তিত ৩৫৩ ধাৰাৰ অধীনত সাংবাদিকজনক গ্ৰেপ্তাৰ কৰিলে ৩ জানুৱাৰীত। অৰ্থাত্ এজাহাৰ লাভ কৰাৰ এদিন আগত গ্ৰেপ্তাৰ। কাৰণ এৰেষ্টৱাৰেণ্টত সেই তাৰিখ স্পষ্ট। আমি জনাত গ্ৰেপ্তাৰৰ ধাৰা নিৰ্ধাৰণ হয় এজাহাৰৰ অভিযোগৰ ভিত্তিত। যদি সেয়াই হয় ৪ জানুৱাৰীৰ এজাহাৰৰ অভিযোগৰ ভিত্তিত ৩ জানুৱাৰীত ধাৰা কেনেকৈ বহুৱালে গৰৈমাৰী আৰক্ষীয়ে? আনহাতে সাংবাদিকৰ মাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গৃহৰক্ষী জোৱানজনে পূৰ্বৰ দৰে কোনো আঘাত নোলোৱাকৈ কাম কৰিয়েই আছে। ইয়াৰ পিছৰ কাহিনী আৰু আমোদজনক। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰে সু-সম্পৰ্ক থকা এজন সাংবাদিকে ৪ জানুৱাৰীত গ্ৰেপ্তাৰ হোৱা সাংবাদিকৰ ফটোসহ ডাঙৰ বাতৰি এটা প্ৰকাশ কৰিলে। ৰাজ্যৰ বহুল প্ৰচাৰিত বাতৰি কাকতখনৰ খবৰটোৰ সাৰমৰ্ম আছিল এনেধৰণৰ। গৰৈমাৰী আৰক্ষীৰ বৃহত্ সফলতা। গোপন সূত্ৰৰ পম খেদি সাংবাদিক সহিতে অন্য দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। গুৱাহাটীৰ এজন যুৱকক এই তিনি যুৱকে অপহৰণ কৰি আনি বৃহত্ ধনৰ দাবী দিছিল পৰিয়ালক। অৱশেষত পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সাংবাদিক সহিতে অন্য দুই যুৱকক। আমোদজনক কথা এয়ে যে লকআপত ৰখা দুই যুৱকক সেই দিনাখনে মুকলি কৰি দিছে আৰক্ষীয়ে। জে’ললৈ পঠাইছে কেৱল সাংবাদিকজনক। আৰক্ষীয়ে লাভ কৰা এজাহাৰ ভিন্ন আৰু সাংবাদিকে কৰা বাতৰি ভিন্ন। গৃহৰক্ষী জোৱানৰ এজাহাৰখন যদি বিশ্বাসত লোৱা হয় তেনেহ’লে ক’ব পাৰি যে বাতৰি কাকতত সংবাদ দিয়া সাংবাদিকজনে ক্ষেত্ৰভিত্তিক বাতৰি যুগুত নকৰি কাৰোবাৰ কথাত বাতৰি কৰিছে। এয়া নিশ্চিত যে কাৰোবাক তৈলমৰ্দন কৰিবলৈ যুগুত কৰা হৈছিল এই প্ৰতিবেদন। মই পূৰ্বতেও কৈছো এই ঘটনাৰ বিশ্লেষণ দিয়াৰ উদ্দেশ্য গ্ৰেপ্তাৰ হোৱা সাংবাদিকজন নিৰ্দোষী বুলি প্ৰমাণ কৰাটো নহয়। যিহেতু বিষয়টো আদালতৰ গোচৰাধীন সেয়ে ন্যায়ালয়ে ৰায়দান দিব। কিন্তু প্ৰশ্ন হৈছে কাৰোবাক তোষামোদ কৰিবলৈ আমাৰ কোনো সাংবাদিকেই নিজৰ কোনোবা সতীৰ্থক বলিৰ পঠা সজোৱা নাইনে? নগাঁও বা গৰৈমাৰী যি কাণ্ডয়েই নহওক কিয় আমাৰ মাজৰ একাংশ সাংবাদিকক তৈলমৰ্দনৰ স্বভাৱৰ বাবেই চৰকাৰ প্ৰশাসনৰ আক্ৰমণৰ সহজলভ্য হৈ পৰে সমাজৰ একাংশ নিৰ্জু-নিৰ্দোষী সাংবাদিক। অন্যহাতে, চৰকাৰে প্ৰশাসনিক সংস্কাৰৰ বাবে যিবোৰ কথা কৈ থাকে সেইবোৰো সাধাৰণ জনতাক দেখুৱাবলৈ কোৱা কথাহে। আজিও বৃহত্সংখ্যক আমোলা, বিষয়া, আৰক্ষীৰ ৰূঢ় ব্যৱহাৰ দেখিলে এনে লাগে যেন চৰকাৰে যে তেওঁলোকক তেনে ব্যৱহাৰ কৰিবলৈ নিৰ্দেশহে দি থৈছে। চৰকাৰৰ কথা আৰু কামত স্বৰ্গ-মৰ্ত্যৰ প্ৰভেদ।