ISHAN NEWS – Always One Step Ahead of Time…

বাংলাদেশৰ নিৰ্বাচনত শ্বেখ হাছিনাৰ জয়লাভ । ishan news

0 142

বিপুল পৰিমাণৰ ভোট লাভেৰে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত শ্বেখ হাছিনাৰ জয়লাভ ।গোপালগঞ্জ-৩ সমষ্টিৰ পৰা জয়লাভ কৰে শ্বেখ হাছিনাই।শেহতীয়া ফলাফল মতে শ্বেখ হাছিনাৰ দল আৱামী লীগৰ হাতলৈকে আহিব পুনৰ ক্ষমতাৰ বাঘজৰী।

মূল বিৰোধী দল বিএনপিকে ধৰি কেইবাটাও ৰাজনৈতিক দলে এইবাৰ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ দল বিএনপিয়েও নিৰ্বাচনৰ আগদিনা অৰ্থাত শনিবাৰৰ পৰা দেশত ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান জনাইছিল।

দেওবাৰে পুৱাৰে পৰা বিভিন্ন বুথত ভোটাৰৰ সংখ্যা লক্ষণীয়ভাৱে কম আছিল । কেইবাটাও বুথত ভোটদান বাতিল কৰিবলগীয়া হৈছিল।নিৰ্বাচনী হিংসাত এজন লোকৰ মৃত্যু হোৱাৰ লগতা দুজন লোকক গুলীয়াই হত্যা কৰে। বিএনপিৰ নেতা ৰাহুল কবীৰ ৰিজৱীয়ে কয়, যে বাংলাদেশত এইবাৰ  ‘একপক্ষীয় নিৰ্বাচন অনুষ্ঠিত হৈছে। ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ নাই।” অৱশ্যে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মোমেনে কয় যে এইবাৰ মুক্ত আৰু নিকা নিৰ্বাচন হৈছিল।

উল্লেখযোগ্য যে, গোপালগঞ্জ-৩ সমস্টিৰ পৰা ২ লাখ ৪৯ হাজাৰ ৯৬২টা ভোট লাভেৰে জয়লাভ শ্বেখ হাছিনাৰ। শ্বেখ হাছিনাৰ ‘নিকটতম’ প্ৰতিদ্বন্দ্বী এন পি পিৰ শ্বেখ আবুল কালামে লাভ কৰে ৪৬০টা ভোট। আন এগৰাকী প্ৰাৰ্থী মহাবুৰ মোল্লাই লাভ কৰে ৪২৫টা ভোট ।

ক্ৰিকেটাৰ ছাকিব আল হাছানে প্ৰথমবাৰৰ বাবে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে।

উল্লেখযোগ্য যে, দেওবাৰে বাংলাদেশৰ দ্বাদশ ৰাষ্ট্ৰীয় বিধানসভা নিৰ্বাচনত মুঠ ৩০০টা সমষ্টিৰ ভিতৰত ২৯৯টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়।এই নিৰ্বাচনত মুঠ ২৮টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে। মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৯৬৯ গৰাকী আৰু মুঠ ভোটাৰৰ সংখ্যা ১১ কোটি ৯৬ লাখ ৮৯ হাজাৰ ২৮৯ জন।দেওবাৰে সন্ধিয়া ৪ বজাত ভোটগ্ৰহণ সামৰণি হোৱাৰ পাছত  আৰম্ভ হয় ভোট গণনা।

Leave A Reply

Your email address will not be published.