বিবাহৰ পিছত উদয়পুৰত ইৰা -নুপূৰ! বন্ধু-বান্ধৱীৰ লগত কৰিলে অদ্ভূত কাম !
৩ জানুৱাৰীত আমিৰ কন্যা ইৰা খান আৰু নুপূৰ শিখৰৰ বিবাহ অনুষ্ঠান মুম্বাইৰ এক বিলাসী হোটেলত অনুষ্ঠিত হয়। উপস্থিত থাকে পৰিয়ালৰ সদস্য, আত্মীয় আৰু ঘনিষ্ঠ বন্ধু। দীৰ্ঘদিনীয়া প্ৰেমিক নুপূৰৰ সৈতে কিছুদিন পূৰ্বে আইনী বিবাহ কৰিছিল ইৰাই।নিজৰ বিবাহ অনুষ্ঠানলৈ হাফ পেন্ট আৰু গেঞ্জী পিন্ধি ৮ কিঃমিঃ দৌৰি দৌৰি আহি চৰ্চা লাভ কৰিছিল ফিটনেছ প্ৰশিক্ষক নুপূৰে।বিবাহৰ পিছতে নৱদম্পত্তি উপস্হিত হয় উদয়পুৰত। বিবাহ অনুষ্ঠানৰ পূৰ্বে নৱবিবাহিত ইৰা, নুপূৰ আৰু তেওঁলোকৰ বন্ধুসকলে চুইমিং পুলৰ কাষত ব্যায়াম কৰি সময় কটায়।
এক ব্যতিক্ৰমী আলোকচিত্ৰ ভাইৰেল হয় ছ’চিয়েল মিডিয়াত। উদয়পুৰৰ তাজ আৰবালী ৰিজ’ৰ্টত ৮ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব বিবাহৰ বিভিন্ন অনুষ্ঠান। অনুষ্ঠানত শ্বাহৰুখ খান, চালমান খান, অমিতাভ বচ্চনো উপস্থিত থকাৰ সম্ভাৱনা আছে। অতিথিৰ বাবে বুক কৰা হৈছে হোটেলখনৰ ১৭৬ টা কোঠা।বিয়াৰ নিমন্ত্ৰণী তালিকাত আছে ২৫০ জন অতিথি।অহা ১৩ জানুৱাৰীত মুম্বাইৰ নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হ’ব মনোৰঞ্জন জগতৰ বাবে অভ্যৰ্থনা।