মা বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহে মমতাময়ী মাতৃ এগৰাকীৰ ছবি । মাকৰ কোলাত থকা এটি শিশুক হাজাৰ বিপদ বিঘিনীয়েও একো কৰিব নোৱাৰে বুলি বিশ্বাস কৰে আমাৰ সমাজত ।কিন্ত ইয়াৰ সম্পূৰ্ণ এক বিপৰীত ঘটনা সংঘটিত হৈছে এইখন দেশতে ।
বাংগালুৰুৰ কৃত্ৰিম বুদ্ধিমত্তাৰ ষ্টাৰ্টআপ এ, আই লেব মাইণ্ডফুলৰ মুখ্য কাৰ্যবাহী বিষয়া ছুচানা শেথ । এইগৰাকী ৩৯ বছৰীয়া মহিলা চি,ই,অ’ৰ বিৰুদ্ধে ৰুজু হৈছে কনমানি ৪ বছৰীয়া পুত্ৰ সন্তানক হত্যা কৰাৰ গোচৰ ।
জানিব পৰা মতে, উত্তৰ গোৱাত মহিলাগৰাকীয়ে ৪ বছৰীয়া পুত্ৰক হত্যা কৰি, মৃতদেহটো বেগত ভৰাই কৰ্ণাটকলৈ উভতি আহে।ইতিমধ্য আৰক্ষীয়ে অভিযুক্ত মহিলা চি,ই,অ’ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।
গোৱা ভ্ৰমণলৈ যোৱা মহিলাগৰাকীয়ে যেতিয়া হোটেলৰ কোঠাৰ চেক আউট কৰে সেইসময়ত চাফাই কৰ্মীসকলে তেজৰ দাগ দেখা পায় কোঠাটোত । সোমবাৰে পুৱা ছুচানা শেথ কৰ্ণাটকলৈ ঘূৰি আহিবলৈ বেগটো লৈ কোঠাটোৰ পৰা ওলাই আহিছিল। সেই সময়ত বেগত তেজৰ দাগ দেখা পায় হোটেলৰ চাফাই কৰ্মীসকলে । সোমবাৰে শেথ অকলে হোটেলৰ কোঠাৰ পৰা ওলাই আহি হোটেলৰ কৰ্মচাৰীক বাংগালুৰুলৈ টেক্সি বুকিং কৰিবলৈ কয়। হোটেলৰ কৰ্মচাৰীয়ে মহিলা গৰাকীক বিমানত যাবলৈ পৰামৰ্শ দিছিল যদিও ছুচানা শেথে এখন টেক্সিৰ জৰিয়তেহে বাংগালুৰুলৈ যাব বিচাৰে।
আৰক্ষীয়ে চি,ই,অ’ ছুচানা শেথৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। নিজ সন্তানক হত্যাৰ গোচৰত অভিযুক্ত ছুচানা শেথৰ বেগৰ পৰা আৰক্ষীয়ে ইতিমধ্যে কনমাণি সন্তানৰ মৃতদেহটো উদ্ধাৰ কৰিছে। বৰ্তমান শেথক সোধা-পোছাৰ বাবে আৰক্ষীয়ে গোৱালৈ লৈ গৈছে । আৰক্ষীৰ সন্দেহ উত্তৰ গোৱাত মহিলাগৰাকীয়ে পুত্ৰক হত্যা কৰি তাৰ পাছত মৃতদেহটো বেগত ভৰাই কৰ্ণাটকলৈ উভতি আহে।
উল্লেখ্য যে, মাইণ্ডফুল এ আই লেবৰ লিংকডাইন পেজৰ তথ্যমতে, ২০২১ চনত এ আইৰ শীৰ্ষ ১০০ গৰাকী উদ্যোগী মহিলাৰ ভিতৰত অন্যতম আছি সুচানা শেথ। শেথৰ লিংকডইন একাউণ্টৰ তথ্য মতে তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বাৰ্কমেন ক্লেইন চেণ্টাৰৰ ফেলো আৰু ডাটা বিজ্ঞানীৰ দলৰ সৈতে ১২ বছৰতকৈও অধিক কাম কৰাৰ অভিজ্ঞতা থকা ডাটা বিজ্ঞানী আছিল।