দেশবাসীয়ে অধীৰ আগ্ৰহেৰে ৰৈ থকা বিষেশ ক্ষণ তথা দিনটো সমাগত। অহা ২২ জানুৱাৰিত অযোধ্যাস্থিত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ। ৰাম মন্দিৰ উদ্বোধনৰ লগে লগে এগৰাকী ৮৫ বছৰীয়া মহিলাৰ পূৰণ হ’ব এক সপোন। এই দিনটোতে মহিলাগৰাকীয়ে ভংগ কৰিব এক বিশেষ প্ৰতিজ্ঞা।
ৰাম মন্দিৰ উদ্বোধনৰ লগে লগে মহিলাগৰাকীয়ে ভংগ কৰিব তিনি দশক ধৰি চলি থকা ‘মৌন ব্ৰত’।
সৰস্বতী দেৱী নামৰ ঝাৰখণ্ডৰ এইগৰাকী ৮৫ বছৰীয়া মহিলাৰ পৰিয়ালে দাবী কৰা অনুসৰি ১৯৯২ চনত বাবৰি মছজিদ ভাঙি পেলোৱাৰ দিনটোৰ পৰাই মৌন ব্ৰতত থকাৰ শপত লৈছিল সৰস্বতী দেৱীয়ে আৰু ৰাম মন্দিৰ উদ্বোধন হ’লেহে শপত ভাঙিব বুলি প্ৰতিজ্ঞা কৰিছিল।
ইতিমধ্যে মন্দিৰৰ উদ্বোধনী অনুষ্ঠান উপভোগ কৰিবলৈ সোমবাৰে নিশাই ৰে’লযোগে উত্তৰ প্ৰদেশৰ অযোধ্যালৈ ৰাওনা হৈছে ধনবাদ বাসিন্দা সৰস্বতী দেৱী।
অযোধ্যাত সৰস্বতী দেৱী ‘মৌনি মাতা’ নামেৰে পৰিচিত। তেওঁ সাংকেতিক ভাষাৰ জৰিয়তে পৰিয়ালৰ সদস্যৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছিল বুলি পৰিয়ালৰ লোকে জনায়।
স্মৰ্তব্য যে, তেওঁ প্ৰতিদিনে দুপৰীয়া এঘণ্টা ‘মৌন ব্ৰত’ৰ পৰা বিৰতি লৈ আহিছিল। কিন্তু ২০২০ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ ভেটি স্থাপন কৰাৰ দিনৰে পৰা তেওঁ সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছিল।
সৰস্বতী দেৱীৰ কনিষ্ঠ পুত্ৰ ৫৫ বছৰীয়া হৰে ৰাম আগৰৱালাই কয়, ‘১৯৯২ চনৰ ৬ ডিচেম্বৰত বিতৰ্কিত বাবৰি মছজিদ ভাঙি পেলোৱাৰ দিনাই মোৰ মাতৃয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ নোহোৱালৈকে মৌনতা অৱলম্বনৰ শপত লৈছিল। মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ তাৰিখ ঘোষণা হোৱাৰ পিছৰে পৰা তেওঁ অত্যন্ত সুখী’।
সোমবাৰে নিশা ধনবাদ ৰে’লৱে ষ্টেচনৰ পৰা গংগা-সুতলেজ এক্সপ্ৰেছেৰে অযোধ্যালৈ ৰাওনা হোৱা সৰস্বতীয়ে দেৱীয়ে ২২ জানুৱাৰিত মৌন ব্ৰত ভংগ কৰিব বুলিও জনাই কনিষ্ঠ পুত্ৰই।
উল্লেখ্য যে, ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ মহন্ত নৃত্য গোপাল দাসৰ শিষ্যসকলে আমন্ত্ৰণ জনাইছে সৰস্বতী দেৱীক।