উত্তৰ প্ৰদেশৰ হমীৰপুৰ জিলাৰ ৩৪ নং ৰাষ্ট্ৰীয় পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত মৃত্যু হৈছে একেখন ঠাইৰে তিনিজন যুৱকৰ।
জানিব পৰা মতে, যুৱক তিনিজনে এখন মটৰ চাইকেলেৰে আহি থকা অৱস্থাত তীব্ৰবেগী ট্ৰাকখনে খুন্দিয়াই। ফলত যুৱক তিনিজনৰ ভিতৰত দুজনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আনজনৰ হাস্পতালত মৃত্যু হয়।
কানপুৰ-সাগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মৌদাহা থানাৰ অন্তৰ্গত নাৰায়চ-মাৱৈয়া গাঁৱৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাটো।
ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলৰ পৰা পলাই যায় ট্ৰাকখন। ঘটনাস্থলত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ট্ৰাকখনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।
এই দুৰ্ঘটনাটোত মৌদাহা চহৰৰ তিনিজন যুৱকে প্ৰাণ হেৰুওৱাৰ ঘটনাই অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।