ISHAN NEWS – Always One Step Ahead of Time…

মহাৰাষ্ট্ৰত ৰাজনৈতিক অস্থিৰতা ! অযোগ্য হ’ব নেকি শিৱসেনাৰ বিধায়ক !

0 124

মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰে শিৱসেনাৰ বিধায়কক অযোগ্য ঘোষণা কৰা সন্দৰ্ভত আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা  । ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰত ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ হৈ পৰিছে।

প্ৰায় ডেৰ বছৰ পূৰ্বে মহাৰাষ্ট্ৰৰ শিৱসেনাত বিদ্ৰোহ সংঘটিত হৈছিল, তাৰ পাছতে শিৱসেনাৰ উদ্ধৱ ফৈদে মুখ্যমন্ত্ৰী একনাথ ছিণ্ডেকে ধৰি তেওঁলোকৰ ফৈদৰ ৩৯জন বিদ্ৰোহী বিধায়কক অযোগ্য ঘোষণা কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনায়।

ইয়াৰ পাছতে উদ্ধৱ থাকৰে ফৈদৰ বিধায়কক অযোগ্য ঘোষণা কৰিবলৈও উচ্চতম ন্যায়ালয়লৈ কাষ চাপে ছিণ্ডে ফৈদ। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে অযোগ্যতাৰ সিদ্ধান্ত লোৱাৰ দায়িত্ব অৰ্পণ কৰিছিল বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰৰ হাতত ।

 উল্লেখ্য যে, ২০১৯ চনত বিজেপি আৰু শিৱসেনাই একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ফলাফল বিজেপি আৰু শিৱসেনাৰ  পক্ষত আছিল কিন্তু মুখ্যমন্ত্ৰীৰ পদক লৈ সেই মিত্ৰতা ভংগ হয়। কংগ্ৰেছ আৰু এন চি পিৰ সৈতে মিলি শিৱসেনাই চৰকাৰ গঠন কৰে  মহাৰাষ্ট্ৰত ।আৰু উদ্ধৱ থাকৰে মুখ্যমন্ত্ৰী হয়। প্ৰায় ডেৰ-দুবছৰৰ পাছত ২০২২ চনৰ জুন মাহত একনাথ ছিণ্ডেৰ নেতৃত্বত ১৫জন শিৱসেনাৰ বিধায়কে উদ্ধৱ থাকৰেৰ বিৰুদ্ধে বিদ্ৰোহী হৈ পৰে। ২০২২ চনৰ ২০ জুনত শিৱসেনাৰ ১৫ গৰাকী বিধায়কৰ সৈতে ছিণ্ডে প্ৰথমে চুৰাট আৰু তাৰ পাছত গুৱাহাটী উপস্থিত হৈ শিবিৰ পাতিছিল।

২০২২ চনৰ ২৩ জুনত ছিণ্ডে ৩৫ গৰাকী বিধায়কৰ সমৰ্থন পত্ৰ প্ৰেৰণ কৰে ৰাজ্যপাললৈ । ইয়াৰ পাছতে শিৱসেনা দুটা ফৈদত বিভক্ত হৈ পৰে আৰু উদ্ধৱ থাকৰে সদনত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ পূৰ্বে পদত্যাগ কৰে। ২০২২ চনৰ ৩০ জুনত বিজেপিৰ সমৰ্থনত একনাথ ছিণ্ডে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হয়। ছিণ্ডে আৰু উদ্ধৱ থাকৰে ফৈদে উচচতম ন্যায়ালয়ত কাষ চাপে । ২০২৩ চনৰ মাৰ্চ মাহত শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত সংৰক্ষিত কৰি ৰাখে আৰু ইয়াৰ পাছতে ছিণ্ডেকে ধৰি ১৬ গৰাকী শিৱসেনাৰ বিধায়ক সন্দৰ্ভত অধ্যক্ষই সিদ্ধান্ত ল’ব লাগে বুলি সিদ্ধান্ত গ্ৰহণ কৰে।

উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে বিধানসভাৰ অধ্যক্ষই শ্বিণ্ডে গোটৰ বিধায়কক অযোগ্য ঘোষণা সন্দৰ্ভত ৩১ ডিচেম্বৰৰ ভিতৰত সিদ্ধান্ত ল’ব লাগে আৰু যদি অধ্যক্ষৰ সময় নাথাকে তেন্তে আমি সিদ্ধান্ত দিম। কিন্তু ১৫ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে এই সময়সীমা বৃদ্ধি কৰি ৰায়দানৰ বাবে ১০ জানুৱাৰী নিৰ্ধাৰণ কৰিছিল। অধ্যক্ষ নাৰ্ভেকাৰে নিজৰ সিদ্ধান্ত ঘোষণাৰ সময়সীমাৰ পূৰ্বে দুবাৰকৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ ছিণ্ডেক সাক্ষাৎ কৰিছে ।এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে যদি বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰে ছিণ্ডেকে ধৰি ১৬জন শিৱসেনাৰ বিধায়কক অযোগ্য ঘোষণা কৰে তেতিয়া কি হ’ব?

Leave A Reply

Your email address will not be published.