ISHAN NEWS – Always One Step Ahead of Time…

১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট

0 102

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত সংসদত ২০২৪ বৰ্ষৰ বাবে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব । বাজেট দাখিলৰ এদিন পূৰ্বে অহা ৩১ জানুৱাৰীত দেশৰ অৰ্থনৈতিক জৰীপ দাখিল কৰিব বিত্ত মন্ত্ৰালয়ে ।

২০২৪ ত মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব। নিৰ্বাচনী বৰ্ষত চৰকাৰে দেশৰ খৰচৰ হিচাপ কিমান টকাৰে পূৰাব আৰু  কেনেদৰে এই ধনৰ ব্যৱহাৰ হ’ব সেই সন্দৰ্ভত আলোচনা কৰিব ।  এই অন্তৱৰ্তীকালীন বাজেটক ভোট অন একাউণ্ট বুলি কোৱা হয়।

মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকাল শেষ হবলৈ মাত্ৰ কেইমাহমান বাকী তাৰ আগতে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিবলগীয়া এই বাজেটখন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।  লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ বাকী আৰু তাৰ আগতে দেশৰ আৰ্থিক অৱস্থা  সন্দৰ্ভত এইখন বাজেট হব অতি গুৰুত্বপূৰ্ণ । নিৰ্বাচনী বৰ্ষত দেশত দুখন বাজেট দাখিল কৰা হয়, ইয়াৰে প্ৰথমখন বাজেট বৰ্তমানৰ চৰকাৰে আৰু দ্বিতীয়খন বাজেট নতুন চৰকাৰ গঠনৰ পিছত দাখিল কৰে।

Leave A Reply

Your email address will not be published.