ISHAN NEWS – Always One Step Ahead of Time…

প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ আমন্ত্ৰণ দিবই নালাগিছিল কংগ্ৰেছক : কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

0 131

২২ জানুৱাৰীত অযোধ্যা চহৰত অনুষ্ঠিত হ’বলগীয়া ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ আমন্ত্ৰণ নাকচ কৰি শাসকীয় বিজেপিৰ আক্ৰমণৰ বলি হৈছে কংগ্ৰেছ।

সমালোচনাৰ সন্মুখীন হৈ থকাৰ মাজতে বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও কংগ্ৰেছক কটাক্ষ কৰি তেওঁলোকক নিমন্ত্ৰণেই দিব নালাগিছিল বুলি মন্তব্য কৰে।

আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত শৰ্মাই কয় যে মোৰ মতে এই কাৰ্যসূচীৰ বাবে কংগ্ৰেছক একেবাৰে নিমন্ত্ৰণ কৰা উচিত নাছিল। ইয়াৰ পিছতো তেওঁলোকক বিশ্ব হিন্দু পৰিষদে তেওঁলোকৰ পাপ শুধৰণিৰ সোণালী সুযোগ দিছিল, কিন্তু তেওঁলোকে সেই সুযোগ হেৰুৱালে আৰু পাপ মোচন কৰাত ব্যৰ্থ হ’ল। তেওঁলোকৰ প্ৰতি মোৰ দুখ লাগে’।

হিমন্ত বিশ্ব শৰ্মাই ‘এক্স’ত লিখিছে, ‘বিশ্ব হিন্দু পৰিষদে নিজৰ নেতৃত্বত কংগ্ৰেছ দলক শ্ৰী ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাই নিজৰ পাপ মোচন কৰাৰ এক সোণালী সুযোগ দিছিল’। কংগ্ৰেছে এই নিমন্ত্ৰণ গ্ৰহণ কৰি ‘হিন্দু সমাজ’ৰ ওচৰত ক্ষমা খুজিব পাৰিলেহেঁতেন বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

তেওঁ কয়, ‘পণ্ডিত নেহৰুৱে সোমনাথ মন্দিৰৰ সৈতে যি কৰিলে, বৰ্তমানৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বইও ৰাম মন্দিৰৰ সৈতে একে কাম কৰিলে। দেশৰ জনসাধাৰণ আৰু ইতিহাসে তেওঁলোকক হিন্দু বিৰোধী দল হিচাপে বিচাৰ কৰি থাকিব’।

Leave A Reply

Your email address will not be published.