ৰাজপথৰ ওপৰত খহি পৰিল পাহাৰ; ৩৪ গৰাকী লোকে সাৱটিলে মৃত্যুক
দক্ষিণ আমেৰিকাৰ দেশ কলম্বিয়াত ভূমিস্খলনৰ ফলত ৩৪ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। কলম্বিয়াৰ এটা পাহাৰীয়া অঞ্চলৰ কুডিবো আৰু মেডেলিন চহৰক সংযোগ কৰা ব্যস্ত পথত এখন পাহাৰ খহি পৰাৰ ফলত এই ঘটনাটো সংঘটিত হয়।
শুকুৰবাৰে সংঘটিত হয় এই ঘটনা। কলম্বিয়াৰ নেশ্যনেল ডিজাষ্টাৰ ৰিস্ক মেনেজমেণ্টে প্ৰথমে ১৮ জন লোকৰ মৃত্যুৰ বিষয়ে অৱগত কৰি এক বিবৃতি প্ৰকাশ কৰিছিল যদিও বৰ্তমান মৃত্যুৰ সংখ্যা ৩৪ জন হৈছেগৈ।
মৃতসকলৰ ভিতৰত বহু শিশুও আছিল। লগতে বহু লোক আহত হৈছে এই ভূমিস্খলনত। নিহতসকলৰ ভিতৰত ১৭টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু ১৭টা মৃতদেহ এতিয়াও চিনাক্ত হোৱা নাই।
কলম্বিয়াৰ উপ-ৰাষ্ট্ৰপতি ফ্ৰান্সিয়া মাৰ্কেজে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত কয় যে দুৰ্ঘটনাস্থলীত এতিয়াও উদ্ধাৰ অভিযান চলি আছে।
ভূমিস্খলনৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত শেহতীয়াকৈ হৈছিল প্ৰবল বৰষুণ। এনে পৰিস্থিতিত বৰষুণৰ ফলত ভূমিস্খলন হোৱা বুলি অনুমান কৰা হৈছে।
বৰ্তমানো ভূমিস্খলন হোৱা অঞ্চলত এতিয়াও বৰষুণ দি আছে, যাৰ বাবে সাহায্য আৰু উদ্ধাৰ অভিযানত সমস্যাৰ সন্মুখীন হৈছে।