আজি মণিপুৰৰ পৰা আৰম্ভ হ’ব ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’
আজি ৰাহুল গান্ধীৰ নেতৃত্বত মণিপুৰৰ পৰা আৰম্ভ হ’ব কংগ্ৰেছৰ ‘ভাৰত ন্যায় যাত্ৰা’। মণিপুৰৰ ৰাজধানী ইম্ফলৰ সমীপৰ থোবালৰ পৰা আৰম্ভ হ’বলগীয়া এই যাত্ৰা মাৰ্চ মাহৰ তৃতীয় সপ্তাহত মুম্বাইত সমাপ্ত হ’ব।
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে এই যাত্ৰাৰ ফ্লেগ অফ কৰিব। এই যাত্ৰা সন্দৰ্ভত কংগ্ৰেছে শনিবাৰে কৈছিল যে ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ নিৰ্বাচনী নহয় বৰঞ্চ মতাদৰ্শগত যাত্ৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ যোৱা ১০ বছৰৰ ‘অন্যায়ৰ সময়ছোৱা’ৰ বিৰুদ্ধে এই যাত্ৰা।
‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ আৰম্ভ কৰাৰ পূৰ্বে ৰাহুল গান্ধীয়ে থোবালৰ খোংজোম যুদ্ধ স্মাৰকত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ই এক ঐতিহাসিক স্মৃতিসৌধ, যিটো ২০১৬ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে উদ্বোধন কৰিছিল।
এই ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে প্ৰতিদিনে দুখনকৈ জনসভাত ভাষণ দিব। ইয়াৰ উপৰি তেওঁ প্ৰতিদিনে সমাজৰ বিভিন্ন শ্ৰেণীৰ ২০ৰ পৰা ২৫জন লোকক সাক্ষাৎ কৰিব। সামাজিক সংগঠনৰ সদস্যৰ সৈতেও তেওঁ মত বিনিময় কৰিব।
অহা ১১ দিনৰ ভিতৰত উত্তৰ-পূব ভাৰতৰ পাঁচখন ৰাজ্যৰ মাজেৰে পাৰ হ’ব এই যাত্ৰা।
ইফালে অহা ২৩ জানুৱাৰীত ইস্তাহাৰৰ সম্পৰ্কত ৰাহুল গান্ধীয়ে গুৱাহাটীত ৰাইজৰ সৈতে ৰাজহুৱা মত বিনিময় কৰিব।