পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক মৃত্যুৰ ভাবুকি। পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰিছে শিখ ফৰ জাষ্টিছৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুৱে। মুখ্যমন্ত্ৰী মানৰ লগতে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱকো মৃত্যুৰ ভাবুকি প্ৰদান কৰা হৈছে।
পান্নুৱে গণতন্ত্ৰ দিৱসৰ দিনটোত অৰ্থাত ২৬ জানুৱাৰিত মুখ্যমন্ত্ৰী ভগৱন্ত মানক আক্ৰমণ কৰিবলৈ গেংষ্টাৰসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
দৰাচলতে গেংষ্টাৰৰ বিৰুদ্ধে পঞ্জাৱ চৰকাৰে যি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈ যথেষ্ট ক্ষোভিত হৈ আছে গেংষ্টাৰসকল আৰু সেইবাবেই মুখ্যমন্ত্ৰী আৰু ডিজিপিক মৃত্যুৰ ভাবুকি প্ৰদান কৰা হৈছে।
এক ভিডিঅ’ বাৰ্তাযোগে পান্নুৱে কয় যে, ২৬ জানুৱাৰিত মুখ্যমন্ত্ৰী ভগৱন্ত মানে য’তেই পতাকা উত্তোলন কৰে তাতেই তেওঁক আক্ৰমণ কৰা উচিত।
উল্লেখ্য যে, আম আদমি পাৰ্টীয়ে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা পঞ্জাৱ আৰক্ষীয়ে গেংষ্টাৰৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে।
সন্ত্ৰাসবাদী পান্নুৱে ভিডিঅ’টোত পঞ্জাৱৰ সকলো গেংষ্টাৰক তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে, যাতে ৰাজ্যখনক পুনৰবাৰ সন্ত্ৰাসজৰ্জৰ স্থিতিলৈ ঠেলি দিব পৰা যায়।
গণতন্ত্ৰ দিৱসৰ দিনটোত পৰিস্থিতি বেয়া কৰাৰো হুমকি প্ৰদান কৰে সন্ত্ৰাসবাদীগৰাকীয়ে। সন্ত্ৰাসবাদীগৰাকীৰ ভিডিঅ’ বাৰ্তা সন্দৰ্ভত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান তথা আৰক্ষী প্ৰশাসনে একো মন্তব্য কৰা নাই।